১৮ অক্টোবৰত সংঘটিত ডিমৌৰ দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ঘটনাই নতুন নতুন পৰ্যায়লৈ গতি কৰি থকা দেখা গৈছে। হত্যাকাৰীৰ ভায়েকক উত্তেজিত ৰাইজে শুকুৰবাৰে মৰিয়াই হত্যা কৰাৰ পিছতে আজি পুনৰ হত্যাকাৰীৰ মাক লক্ষী প্ৰজাৰ মৃতদেহ এটা পুখুৰীত উদ্ধাৰ হয়।
তাৰোপৰি আজিও স্থানীয় উত্তেজিত ৰাইজে হত্যাকাৰীৰ পিতৃ গুৰু প্ৰজাকো প্ৰহাৰ কৰে। উত্তেজিত ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ বৰ্তমান গুৰু প্ৰজা চিকিৎসাধীন হৈ আছে।
আনহাতে হত্যাকাণ্ডৰ মূল অভিযুক্ত জগু প্ৰজাক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰাৰ পিছতো স্থানীয় ৰাইজে আজিও হত্যাকাৰীৰ ফাঁচীৰ দাবী তুলি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰ অৰ্থাৎ ১৮ অক্টোবৰৰ নিশা ডিমৌৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দিখাৰী চাহ বাগিচা এলেকাত ধৃত জগু প্ৰজাই ভোলা প্ৰজা আৰু ৰমণী প্ৰজা নামৰ দম্পতীহালক নৃশংসভাৱে ঘপিয়াই হত্যা কৰিছিল।
আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ স্থানীয় ক্ষুব্ধ ৰাইজে হত্যাকাৰী জগুক বিচাৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতি সৃষ্ট কৰি তোলে। ইমানতে শান্ত নহৈ স্থানীয় ক্ষুব্ধ লোকে অভিযুক্তৰ বাসগৃহত উপস্থিত হৈ হত্যাকাৰী জগুক নাপাই জগুৰ ভাতৃ পুৰণ প্ৰজাক মৰিয়াই হত্যা কৰে। তাৰোপৰি জগু প্ৰজাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।