DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব’ৰ্ড পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা : অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব স্থগিত ৰখা পৰীক্ষা

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 15, 2018 3:29 pm
question paper leakage
626
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাত যোৱা ৭ ডিচেম্বৰৰ পৰা চলি থকা ব’ৰ্ড পৰীক্ষাৰ নৱম শ্ৰেণীৰ আৰু দশম শ্ৰেণীৰ প্ৰিপাৰাটৰি পৰীক্ষাৰ ছ’চিয়েল ছায়েন্সৰ প্ৰশ্নকাকত ফাদিল হোৱা বাবে স্থগিত ৰখা উক্ত বিষয় দুটাৰ পৰীক্ষা অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ১৪ ডিচেম্বৰত এই পৰীক্ষা দুটা স্থগিত ৰখা হৈছিল। এই কথা জানিবলৈ দিছে জিলাখনৰ ইন্সপেক্টৰ অব স্কুলে।

আনহাতে ঘটনাটোক কেন্দ্ৰ কৰি এতিয়াও পাৰ্বত্য জিলাখনৰ শৈক্ষিক মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিমাছা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সচিব প্ৰমিত চেংগুইনে। তেওঁ কৰ্তৃপক্ষক এখন তদন্ত কমিটী গঠন কৰি প্ৰকৃত তথ্য উন্মোচনৰ লগতে দোষী ব্যক্তিক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী জনায়। তেওঁ ইয়াক ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে উক্ত বিষয় দুটাৰ পৰীক্ষাৰ আগ মুহূৰ্তত ইয়াৰ প্ৰশ্নকাকত ইতিমধ্যে একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে পৰিছে বুলি জানিব পাৰি কৰ্তৃপক্ষই লগে লগে সিদ্ধান্ত লৈ পৰীক্ষা স্থগিত ৰাখিছিল।

কিন্তু একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মতে, আগৰ কেইদিনৰ পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল হৈছিল। অভিযোগমতে, চলিত বছৰৰ পৰীক্ষাৰ প্ৰতিখন প্ৰশ্নকাকত পৰীক্ষাৰ আগতেই একাংশই লাভ কৰিছিল।

শ্যামলী চক্ৰৱৰ্তী নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কয়, “আমি পৰীক্ষাৰ আগদিনা ৰাতি সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছে বুলি জানিব পাৰো। তাৰ পাছতে পুৱালৈ স্কুললৈ অহাৰ পাছতে ইন্সপেক্টৰ অব স্কুলে পৰীক্ষা স্থগিত ৰাখাৰ নিৰ্দেশ দিয়ে।”

বহুতেই অভিযোগ কৰিছে যে ইয়াৰ আঁৰত একাংশ প্ৰধান শিক্ষকো জড়িত থকাৰ সম্ভাৱনা প্ৰৱল। কাৰণ প্ৰধান শিক্ষকৰ ওচৰতে প্ৰশ্নকাকতৰ ছাবি-কাঠী থাকে।

জানিব পাৰামতে জিলাৰ আঠটা চেণ্টাৰলৈ পৰীক্ষাৰ প্ৰায় এক সপ্তাহ পূৰ্বে প্ৰশ্ন কাকতৰ ছীলড পেক পঠোৱা হৈছিল।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd