• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

যুৱ-ছাত্ৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছিল সমাজবাদী পাৰ্টীৰ প্ৰতিনিধি দল

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 20, 2026 5:30 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাজবাদী পাৰ্টীৰ নেত্ৰী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱক সোমবাৰে দিল্লী আৰক্ষীয়ে আটক কৰে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ চৰকাৰৰ পৰা উত্তৰ বিচাৰি ‘কক্ৰোচ জনতা পাৰ্টী’য়ে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। অভিজিৎ দীপকৰ নেতৃত্বত চলা এই প্ৰতিবাদলৈ সমৰ্থন জনাই সংসদ ভৱনৰ পৰা যন্তৰ মন্তৰলৈ যোৱাৰ পথতে ডিম্পল যাদৱ আৰু দলটোৰ আন কেইবাগৰাকীও নেতাক আৰক্ষীয়ে আটক কৰে।

 

Apply Now

ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতৰ পিছতে সমাজবাদী পাৰ্টীয়ে এক্স (X) যোগে প্ৰকাশ কৰিছে যে,”দিল্লীত ছাত্ৰ-যুৱকৰ হকে মাত মতা সাংসদ ডিম্পল যাদৱ আৰু আন নেতাসকলক আৰক্ষীয়ে আটক কৰাটো তীব্ৰ নিন্দনীয়। ছাত্ৰ-ছাত্ৰীৰ ওপৰত কৰা লাঠিচালনা সম্পূৰ্ণ অগণতান্ত্ৰিক।”

 

ডিম্পল যাদৱৰ নেতৃত্বত সাংসদসকলে দিল্লীৰ ৰাজপথত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে। ডিম্পল যাদৱে কয়, “আজিৰ যুৱ প্ৰজন্মই তেওঁলোকৰ সমস্যাৰ কথা ক’ব বিচাৰিছে, কিন্তু চৰকাৰে শুনিবলৈ বিচৰা নাই। মানুহে অনশন কৰি থকাৰ পিছতো চৰকাৰ নীৰৱ। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক চাপত ভুগিছে।”

 

ইয়াৰ কেইঘণ্টামান পূৰ্বে, যন্তৰ মন্তৰৰ পৰা সংসদ ভৱনলৈ যাত্ৰা কৰা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে। এই ঘটনাত দুয়োপক্ষৰ লোক আঘাতপ্ৰাপ্ত হয় আৰু কিছু সময়ৰ বাবে সেই অঞ্চলত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। আৰক্ষীৰ মতে, সোমবাৰে দিল্লীত পাঁচজনতকৈ অধিক লোক একেলগ হোৱাত নিষেধাজ্ঞা আছিল।

 

উল্লেখযোগ্য যে, যোৱা মে’ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ এক মন্তব্যৰ পিছত অভিজিৎ দীপকে ব্যংগাত্মকভাৱে ‘কক্ৰোচ জনতা পাৰ্টী’ গঠন কৰিছিল আৰু ই ছ’চিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা লাভ কৰে। আমেৰিকাত থকা দীপকে জুন মাহত ভাৰতলৈ আহি প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এই প্ৰতিবাদ আৰম্ভ কৰে। ইয়াৰ প্ৰতি সমৰ্থন জনাই বিশিষ্ট সমাজকৰ্মী ছোনম ৱাংচুকে ২৮ জুনৰ পৰা যন্তৰ মন্তৰত অনশন আৰম্ভ কৰিছিল যদিও শনিবাৰে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আৰক্ষীয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰায়।

 

ৱাংচুকে স্পষ্ট কৰি দিছে যে চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ দায়িত্ব ল’লে বা সাংসদসকলে সংসদত এই বিষয়টো উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিলেহে তেওঁ অনশন ভংগ কৰিব। বৰ্তমান ডিম্পল যাদৱকে ধৰি আটক হোৱা নেতাসকলৰ মুক্তি আৰু পৰৱৰ্তী পৰিস্থিতিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। চৰকাৰে এতিয়ালৈকে এই সমগ্ৰ বিষয়টোক লৈ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd