ডিবি ষ্টক কেলেংকাৰীৰ মূল অভিযুক্ত তথা খলনায়ক দীপাংকৰ বৰ্মনে অৱশেষত জামিন লাভ কৰিছে। চি বি আইৰ এটা ডাঙৰ ভুলৰ বাবেই প্ৰায় ৪০০ কোটি টকা লুণ্ঠনৰ অভিযোগত অভিযুক্ত দীপাংকৰে উচ্চ ন্যায়ালয়ৰ পৰা এই জামিন লাভ কৰিবলৈ সক্ষম হয় আৰু মুকলি আকাশৰ তললৈ আহে।
নিয়ম অনুসৰি ধাৰা ৪৮ৰ অধীনত কোনো লোকক গ্ৰেপ্তাৰ কৰিলে সেই খবৰটো লগে লগে তেওঁৰ কোনো আত্মীয় বা বন্ধুক দিব লাগে। কিন্তু তদন্তকাৰী সংস্থা চি বি আইয়ে এই ক্ষেত্ৰত এক গুৰুতৰ ভুল কৰে। তেওঁলোকে আত্মীয়ৰ সলনি দীপাংকৰ বৰ্মনৰ এজন প্ৰাক্তন কৰ্মচাৰীকহে এই জাননী দি নিজৰ দায়িত্ব সামৰিছিল। চি বি আইৰ এই ভুলটোৰ বাবেই দীপাংকৰে ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, ডিবি ষ্টক ব্ৰকিং কনছালটেঞ্চী নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে দীপাংকৰে ৰাজ্যত এক বৃহৎ লুণ্ঠন চলাইছিল। কেলেংকাৰী পোহৰলৈ অহাৰ পিছত পলাতক অৱস্থাত থকা দীপাংকৰক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত এই সমগ্ৰ গোচৰটোৰ তদন্তৰ দায়িত্ব চি বি আইয়ে লয় আৰু ই ডিয়ে ইতিমধ্যে তেওঁৰ বহু সম্পত্তি জব্দ কৰিছে। ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতো উপযুক্ত জামিনদাৰৰ অভাৱত দীপাংকৰ ইমান দিনে কাৰাগাৰৰ পৰা ওলাই আহিব পৰা নাছিল। অৱশেষত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ডিবি ষ্টকৰ স্বত্বাধিকাৰীজনে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছে।





