NORTHEAST NOW (Assamese)

নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মাৰ নগাঁও ভ্ৰমণ

February 15, 2021 1:51 pm · মুৰলী বৰুৱা

 আজি ভাৰতীয় নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মা নগাঁও জিলাত আহি উপস্থিত হয় আৰু আগন্তুক হবলগীয়া বিধান সভা নিৰ্বাচনৰ বিষয়ে জিলা প্ৰশাসনৰ পৰা বুজ লয়।

ইয়াৰ উপৰিও বিষয়া গৰাকীয়ে ৰহা আৰু নগাঁও সদৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা ভোট কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু ভোট কেন্দ্ৰ কেইটাৰ নিম্নতম সা-সুবিধাৰ বিষয়ে বুজ লয়।

বিষয়া গৰাকীয়ে এই পৰিদৰ্শন কালত আগন্তুক বিধান সভা নিৰ্বাচনৰ ওপৰত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সমূহত সন্তোষ প্ৰকাশ কৰে।

আজিৰ এই ভ্ৰমণ কালত তেখেতক সংগ প্ৰদান কৰে নিটিন খাৰে মুখ্য নিৰ্বাচনী বিষয়া, অসম, দীপক কেডিয়া, আই, জি, পি, আইন শৃংখলা শাখা, অসম, হেমেন দাস, আয়ুক্ত সচিব,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম, জিলা উপায়ুক্ত কবিতা পদ্মনাভন, আদিল খান, এম, ডি, জল-জীৱন মিছন আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে।

Related News