DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত আত্মসমৰ্পণ কৰিলে দিচপুৰ থানাৰ পলাতক উপ-পৰিদৰ্শক নিপু কলিতাই

অনির্বান পাঠক by অনির্বান পাঠক
February 13, 2019 9:56 pm
দিচপুৰ আৰক্ষী থানা
964
VIEWS
Share on FacebookShare on Twitter

সোণ সৰবৰাহকাৰীৰ পৰা বৃহৎ পৰিমাণৰ সোণ লুটি প্ৰায় এসপ্তাহৰ অধিক সময় পলাতক হৈ থকা দিচপুৰ থানাৰ উপ পৰিদৰ্শক নিপু কলিতাই বুধবাৰে বশিষ্ট থানাত আত্মসমৰ্পণ কৰে। লগে লগে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিচপুৰ থানালৈ আনি সম্প্ৰতি জেৰা চলাই আছে।

উল্লেখযোগ্য যে ১৫ জানুৱাৰিত নংপোৰ গুৱাহাটী-শ্বিলং পথত অভিযান চলাই চোৰ সোণ সৰবৰাহকাৰীৰ পৰা প্ৰায় ৪ কোটি টকা মূল্যৰ ৬০ খন সোণৰ বিস্কুট জব্দ কৰি পাছত হৰলুকি কৰিছিল আৰক্ষী বিষয়াজনে। তেওঁক সংগ দিছিল হাবিলদাৰ ফাইজুৰ ৰহমান আৰু গৃহৰক্ষী জোৱান আফজল আলীয়ে।

আনহাতে নিপু কলিতাই আজি আত্মসমৰ্পণ কৰে যদিও আৰক্ষীয়ে এই পৰ্যন্ত হৰলুকি হোৱা সোণখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তদুপৰি তেওঁৰ তেওঁৰ সহযোগী হাবিলদাৰ আৰু গৃহৰক্ষী জোৱানজন বৰ্তমানেও পলাতক অৱস্থাতেই আছে।

অভিযানৰ নামত আৰক্ষীয়ে ডকাইতৰ ৰূপ লোৱা এই ঘটনাই মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

পৰৱৰ্তী সময়ত যোৱা ৫ ফেব্ৰুৱাৰিত সোণ সৰবৰাহৰ লগত জড়িত ৱাহিদুৰ ৰহমান, ৱাহাজুদ্দিন ৰহমান আৰু আজমীৰ হুছেইন নামৰ তিনিজন সৰবৰাহকাৰীয়ে দিচপুৰ থানাত নিপু কলিতা আৰু সহযোগীকেইজনৰ বিৰূদ্ধে বৃহৎ পৰিমাণৰ সোণ হৰলুকি কৰা সন্দৰ্ভত ডকাইতিৰ গোচৰ দিয়াত এই ঘটনাটো পোহৰলৈ আহিছিল।

উক্ত দিনাৰ পৰাই পলাতক হৈ থকাৰ অন্তত আজি উপ পৰিদৰ্শক গৰাকীয়ে বশিষ্ট থানাত আত্মসমৰ্পণ কৰে।

Recent News

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd