• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 5, 2020 7:20 pm
IMG-20201005-WA0030
225
VIEWS
Share on FacebookShare on Twitter

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিৱসাগৰ যুৱদলত ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

সভাৰ আৰম্ভনিতে এই আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ উদ্দেশ্যে প্ৰদান কৰা এক বাণীৱদ্ধ দৃশ্য-শ্ৰাৱ্য বাৰ্তা উপস্থিত ৰাইজৰ আগত সম্প্ৰচাৰ কৰা হয়।

সভাত উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসঙ্গত জিলাখনৰ ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰনি জনায়। তেখেতে আৰু কয় যে, চৰকাৰৰ এনে পদক্ষেপে ভূমিহীন খিলঞ্জীয়া লোকসকলৰ মৰ্যাদা বৃদ্ধি কৰিব ।

ভূমি পট্টা বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন মুখ্য অতিথি হিচাবে উপস্থিত থাকি কয় যে বৰ্তমানৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সমগ্ৰ অসমত ১ লাখৰো অধিক ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। পট্টা লাভ কৰা এই খিলঞ্জীয়া লোকসকলে মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিব।

তেখেতে কয় যে, আজি এই অনুষ্ঠানত ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ৯৮১ গৰাকী খিলঞ্জীয়া ভূমিহীন লোকক প্ৰাৰম্ভিকভাৱে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হৈছে।

জিলাখনত বৰ্তমানলৈ ২৭৫৯ গৰাকী খিলঞ্জীয়া ভূমিহীন লোকক ভূমি আবন্টন পত্ৰ আৰু ভূমি পট্টা প্ৰদান কৰা হৈছে। ইয়াৰে ১১৯০ গৰাকীক ভূমি আবন্টন পত্ৰ আৰু ১৫৬৯ গৰাকীক ভূমি পট্টা প্ৰদান কৰা হৈছে।

যিসকল প্ৰকৃত ভূমিহীন খিলঞ্জীয়া লোকে এতিয়াও মাটিৰ পট্টা বা আৱন্টন পত্ৰৰ বাবে আবেদন কৰা নাই তেখেতসকলে যাতে সঠিকভাৱে আবেদন কৰিব পাৰে  তাৰ বাবে সেই লোকসকলক স্থানীয় গাঁওবুঢ়া আৰু নিজ এলেকাৰ লাটমণ্ডল সকলক সহযোগ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

তেখেতে আৰু কয় যে এই চৰকাৰে অবৈধভাৱে দখল হৈ থকা চৰকাৰী ভূমি, সত্ৰৰ মাটি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে। গাঁওবুঢ়াসকলৰ মাহেকীয়া ভাত্তা ৯০০০ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

আজিৰ এই ভূমিপট্টা বিতৰণ সভাত আমগুৰি আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক ক্ৰমে প্ৰদীপ হাজৰিকা আৰু কুশল দুৱৰী বিশিষ্ট অতিথি হিচাবে  উপস্থিত থাকে। সভাত বিধায়ক প্ৰদীপ হাজৰিকাই খিলঞ্জীয়া লোকসকলক ভূমি পট্টাৰ প্ৰয়োজনীয়তাৰ কথা বহলাই কয়। বিধায়ক কুশল দুৱৰীয়েও বাকী ৰৈ যোৱা ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনায়।

আজি সভাত আনুষ্ঠানিকভাৱে শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ, আমগুৰি, ডিমৌ আৰু নাজিৰা ৰাজহ চক্ৰৰ অধীনৰ নিৰ্বাচিত লোকৰ ১০ জনকৈ হিতাধিকাৰীক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰে ।

অনুষ্ঠানৰ শেষত ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইগৰাকী ছাত্ৰীয়ে অসম সংগীত পৰিবেশন কৰে।

সভাত বেচাকিনা নিগমৰ উপাধ্যক্ষ শিৱ প্ৰসাদ বাদ্ৰা, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা উন্নয়ন আয়ুক্ত নৱাৱ আলহ আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত দীপক ভূঞা, নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, সমাজ কৰ্মী প্ৰহ্লাদ গোৱলা, প্ৰাঞ্জল কটকী, সুৰভি ৰাজকুমাৰী আৰু বিনীতা শইকীয়া উপস্থিত থাকে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd