দীঘলীয়া লকডাউন ব্যৱস্থাৰ ফলত হাহাকাৰ হৈ পৰা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম-অৰুনাচল প্ৰদেশ সীমামূৰীয়া অঞ্চল লেখাপানীত ৰেচন কাৰ্ড নথকা বহু দৰিদ্ৰ পৰিয়ালৰ লগতে দৰিদ্ৰ চাহ শ্ৰমিক পৰিয়াল সকলৰ মাজত আজি লেখাপানী গাঁও পঞ্চায়তে চাউল বিতৰণ কৰে।
লেখাপানী গাঁও পঞ্চায়তৰ মুঠ দহ টা ৱাৰ্ডৰ ভিতৰত আজি এক নম্বৰ ৱাৰ্ডৰ ১৫৫ টা পৰিয়ালক গাইপতি পাঁচ কেজিকৈ চাউল বিতৰণ কৰা হয়।
চৰকাৰে প্ৰদান কৰা এই চাউল লেখাপানী গাঁও পঞ্চায়তটো অন্তগত ৰেচন কাৰ্ড নথকা মুঠ ১৪৭০ টা দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ৬৭০০ জন লোকক পয্যায় ক্ৰমে বিতৰণ কৰা হ’ব।
লেখাপানী গাঁও পঞ্চায়তে আজি আৰম্ভ কৰা এই চাউল বিতৰণৰ প্ৰথম দিনৰ কাৰ্যসূচীত অঞ্চলটোৰ লাট মণ্ডল, পঞ্চায়তটোৰ অন্তগত গাঁও বুঢ়াসকল, লেখাপানী গাঁওঁ পঞ্চায়তটোৰ সভাপতি, সম্পাদকে প্ৰমুখ্য কৰি স্থানীয় কেইহাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।