• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি মাজুলীৰ ভোটকেন্দ্ৰসমূহলৈ বেলট বাকচ সহ ৰাওনা হ’ল ভোটগ্ৰহণকাৰী দল

বুধবাৰে পুৱা ৭ বজাৰ পৰা মাজুলীৰ ২০১টা ভোটকেন্দ্ৰত সম্পন্ন হ'ব ভোটগ্ৰহণ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
December 3, 2018 7:20 pm
WhatsApp Image 2018-12-03 at 6.24.20 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা ৫ ডিচেম্বৰত মাজুলী জিলাৰ ৪খন জিলা পৰিষদীয় আসনৰ লগতে আঞ্চলিক পঞ্চায়ত সদস্যৰ ২০খন আসন, গাঁও পঞ্চায়ত সভাপতি পদৰ ২০খন আসন আৰু ১৯৪টা ৱাৰ্ড সদস্য পদৰ আসনৰ বাবে ভোটগ্ৰহণ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। অহা বুধবাৰে পুৱা ৭-০০ বজাৰ পৰা বিয়লি ৩-০০ বজালৈকে নদীদ্বীপ জিলাখনৰ ২০১টা ভোটগ্ৰহণ কেন্দ্ৰত এই পঞ্চায়তৰাজ নিকায়সমূহৰ প্ৰতিনিধি বাচনিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

আজি ৩ নৱেম্বৰ সোমবাৰে জিলাখনৰ অতি দুৰ্গম তথা ব্ৰহ্মপুত্ৰৰ চাপৰি এলেকাসমূহক সামৰি থকা আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত দুখনৰ অন্তৰ্গত ২০টা দুৰণীবটীয়া ভোটকেন্দ্ৰলৈ বেলট বাকচ তথা আন ভোটগ্ৰহণৰ সামগ্ৰীসহ প্ৰিজাইডিং বিষয়া, পলিং বিষয়া আৰু আৰক্ষী সহ মুঠ ১৪০জনীয়া দলৰ লগতে খণ্ডস্তৰীয় বিষয়াসকল জিলা সদৰ গড়মূৰৰ পৰা ৰাওনা হৈছে। ইয়াৰে বেছিসংখ্যক ভোটগ্ৰহণ কেন্দ্ৰৰ দায়িত্বত নিয়োজিত ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দল ফেৰীৰে নিমাতীঘাটলৈ পাৰ হোৱাৰ পাছত যোৰহাট আৰু দেৰগাঁও হৈ নিজ নিজ কেন্দ্ৰসমূহলৈ যাত্ৰা কৰে।

Apply Now

একেদৰে আন ৫টা ভোটগ্ৰহণকাৰী দলে ধূনাগুৰিঘাট ফেৰীৰে পাৰ হৈ লখিমপুৰ জিলাৰ বিহপুৰীয়া হৈ আঁহতগুৰি পঞ্চায়তৰ অন্তৰ্গত নিজ নিজ ভোটকেন্দ্ৰলৈ আজি ৰাওনা হয়। জিলাখনৰ মূল ভূ-খণ্ড সামৰি থকা অৱশিষ্ট ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰলৈ কাইলৈ পুৱাৰ ভাগতে প্ৰিজাইডিং বিষয়া-প’লিং বিষয়াৰ দলে বেলট কাকত, বেলট বাকচকে ধৰি প্ৰয়োজনীয় নিৰ্বাচনী সামগ্ৰীসহ ভাগে ভাগে ৰাওনা হ’ব।

ইফালে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অহা বুধবাৰে ভোটাৰ ৰাইজে ভোটকেন্দ্ৰসমূহত নিজৰ নিজৰ পৰিচয়সূচক নথি দেখুৱাইহে ভোটদান কৰিব পাৰিব। ইয়াৰ বাবে আয়োগে নিৰ্ধাৰণ কৰি দিয়া ১০ বিধ নথিৰ ভিতৰৰে যিকোনো এখন ভোটাৰে লগত লৈ আহিলেহে ভোটদানৰ সুযোগ পাব। এই ১০ বিধ নথি হৈছে- ফটো সম্বলিত ভোটাৰ পৰিচয়পত্ৰ, ফটো সম্বলিত ভোটাৰ তালিকা, পাৰপত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, চাকৰিৰ প্ৰমাণ পত্ৰ, পেন্সনাৰৰ পৰিচয় পত্ৰ, বিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰিচয়পত্ৰ, ফটো সম্বলিত বেংকৰ পাছবুক বা পৰিচয়পত্ৰ আৰু এমজিএনৰেগাৰ জ’ব-কাৰ্ড।

উল্লেখ্য যে, এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত মাজুলী জিলাৰ মুঠ ১,১৫,১৩০গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাব। আনহাতে, মাজুলী জিলা পৰিষদৰ ৪খন আসনত মুঠ ১১গৰাকী, মাজুলী আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়ত দুখনৰ সদস্য পদৰ মুঠ ২০আসনৰ বাবে ৫৬গৰাকী আৰু ২০ খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ৬৬গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। একেদৰে জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ ১৯৪টা ৱাৰ্ডৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৫৪১গৰাকী। ইতিমধ্য ৩টা ৱাৰ্ড সদস্যৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাতাৰে এগৰাকীকৈ প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে আসন সংৰক্ষণ সম্পৰ্কীয় কাৰিকৰী বিসংগতিৰ বাবে আন ৩টা ৱাৰ্ডৰ সদস্যপদৰ ক্ষেত্ৰত নিৰ্বাচন সদ্যহতে স্থগিত কৰা হয়।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd