• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ব্যঃ খণ্ডৰ চিকিৎসক, ফাৰ্মাচিষ্টক ক’ৰ’ণাৰ ৰিপ’ৰ্ট নোহোৱাকৈ দৰৱ বিক্ৰী নকৰিবলৈ আহ্বান উপায়ুক্তৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , October 11, 2020 4:32 pm

2 min read

IMG-20201011-WA0005
430
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত ব্যক্তিগত খণ্ডৰ চিকিৎসক তথা ফাৰ্মাচিষ্টসকলক ক’ভিড-১৯ পৰীক্ষাৰ ৰিপ’ৰ্ট নোহোৱাকৈ ক’ভিড-১৯-ৰ দৰৱ প্ৰদান  বা বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে উপায়ুক্তই।

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত যোৱা ১০ অক্টোবৰ তাৰিখে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত ব্যক্তিগত খণ্ডৰ চিকিৎসক তথা ফাৰ্মাচিষ্টসকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়।

সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক তথা ফাৰ্মাচিষ্টসকলক ক’ভিড-১৯ পৰীক্ষাৰ ৰিপৰ্ট নোহোৱাকৈ ক’ভিড-১৯ৰ দৰৱ প্ৰদান বা বিক্ৰী নকৰিবলৈ আহ্বান জনায়।

তেওঁ পৰীক্ষা নকৰাকৈ ক’ভিড-১৯ ৰোগৰ দৰৱ সেৱনৰ ভয়াৱহতা সম্পৰ্কে সংশ্লিষ্ট সকলোকে গ্ৰাহকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আগবাঢ়ি আহিবলৈ কয়।

উপায়ুক্ত গৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপনৰ আগেয়ে পূজা সমিতিসমূহৰ লগত জড়িত সকলোকে স্বাস্থ্য বিভাগৰ সহযোগত ক’ভিড-১৯ ৰ পৰীক্ষা কৰিবলৈ কয়। তেওঁ পূজা মণ্ডপৰ পাৰ্শ্বৱৰ্তী গ্ৰামীণ, নগৰ আৰু চাহ বাগিচা অঞ্চলৰ লোকসকলকো ক’ভিড-১৯ৰ পৰীক্ষা কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে ক’ভিড-১৯ৰ বহুল পৰীক্ষণে এই ৰোগ প্ৰতিহত কৰাত সহায়ক হ’ব।

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ সভাত ক’ভিড-১৯ ৰোগৰ পৰীক্ষণৰ এক ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

অহা ১২ৰ পৰা ১৪ অক্টোবৰ তাৰিখলৈ অনুষ্ঠিত হ’ব লগীয়া এই পৰীক্ষণ প্ৰক্ৰিয়াত পূজা সমিতি সমূহৰ বিষয়-ববীয়াসকলৰ লগতে, দোকানসমূহৰ মালিক তথা কৰ্মচাৰী, ব্যৱসায়িক বাহনৰ কৰ্মচাৰী, চাহ বাগিচাৰ শ্ৰমিক আৰু কন্টেইনমেণ্ট জ’নৰ আৱাসী সকলক স্বেচ্ছাই আগবাঢ়ি আহি ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে পূজা মণ্ডপসমূহত সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ, মাস্ক পৰিধান কৰিবলৈ, চাবোনেৰে হাত ধুবলৈ আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ সোঁৱৰাই দিয়ে।

সভাত জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে পূজা সমিতিসমূহক পূজা মণ্ডপৰ ওচৰত ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে ল’বলগীয়া সাৱধানতাসমূহৰ লগত ধঁপাত সেৱন বিৰুদ্ধে হোৰ্ডিং বা বেনাৰ আৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ লগতে জিলাখনৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ ভালেসংখ্যক চিকিৎসক আৰু ফাৰ্মাচিষ্ট উপস্থিত থাকে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd