• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ব্যঃ খণ্ডৰ চিকিৎসক, ফাৰ্মাচিষ্টক ক’ৰ’ণাৰ ৰিপ’ৰ্ট নোহোৱাকৈ দৰৱ বিক্ৰী নকৰিবলৈ আহ্বান উপায়ুক্তৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 11, 2020 4:32 pm
IMG-20201011-WA0005
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত ব্যক্তিগত খণ্ডৰ চিকিৎসক তথা ফাৰ্মাচিষ্টসকলক ক’ভিড-১৯ পৰীক্ষাৰ ৰিপ’ৰ্ট নোহোৱাকৈ ক’ভিড-১৯-ৰ দৰৱ প্ৰদান  বা বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে উপায়ুক্তই।

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত যোৱা ১০ অক্টোবৰ তাৰিখে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত ব্যক্তিগত খণ্ডৰ চিকিৎসক তথা ফাৰ্মাচিষ্টসকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়।

সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক তথা ফাৰ্মাচিষ্টসকলক ক’ভিড-১৯ পৰীক্ষাৰ ৰিপৰ্ট নোহোৱাকৈ ক’ভিড-১৯ৰ দৰৱ প্ৰদান বা বিক্ৰী নকৰিবলৈ আহ্বান জনায়।

তেওঁ পৰীক্ষা নকৰাকৈ ক’ভিড-১৯ ৰোগৰ দৰৱ সেৱনৰ ভয়াৱহতা সম্পৰ্কে সংশ্লিষ্ট সকলোকে গ্ৰাহকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আগবাঢ়ি আহিবলৈ কয়।

উপায়ুক্ত গৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপনৰ আগেয়ে পূজা সমিতিসমূহৰ লগত জড়িত সকলোকে স্বাস্থ্য বিভাগৰ সহযোগত ক’ভিড-১৯ ৰ পৰীক্ষা কৰিবলৈ কয়। তেওঁ পূজা মণ্ডপৰ পাৰ্শ্বৱৰ্তী গ্ৰামীণ, নগৰ আৰু চাহ বাগিচা অঞ্চলৰ লোকসকলকো ক’ভিড-১৯ৰ পৰীক্ষা কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে ক’ভিড-১৯ৰ বহুল পৰীক্ষণে এই ৰোগ প্ৰতিহত কৰাত সহায়ক হ’ব।

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ সভাত ক’ভিড-১৯ ৰোগৰ পৰীক্ষণৰ এক ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

অহা ১২ৰ পৰা ১৪ অক্টোবৰ তাৰিখলৈ অনুষ্ঠিত হ’ব লগীয়া এই পৰীক্ষণ প্ৰক্ৰিয়াত পূজা সমিতি সমূহৰ বিষয়-ববীয়াসকলৰ লগতে, দোকানসমূহৰ মালিক তথা কৰ্মচাৰী, ব্যৱসায়িক বাহনৰ কৰ্মচাৰী, চাহ বাগিচাৰ শ্ৰমিক আৰু কন্টেইনমেণ্ট জ’নৰ আৱাসী সকলক স্বেচ্ছাই আগবাঢ়ি আহি ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে পূজা মণ্ডপসমূহত সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ, মাস্ক পৰিধান কৰিবলৈ, চাবোনেৰে হাত ধুবলৈ আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ সোঁৱৰাই দিয়ে।

সভাত জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে পূজা সমিতিসমূহক পূজা মণ্ডপৰ ওচৰত ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে ল’বলগীয়া সাৱধানতাসমূহৰ লগত ধঁপাত সেৱন বিৰুদ্ধে হোৰ্ডিং বা বেনাৰ আৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ লগতে জিলাখনৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ ভালেসংখ্যক চিকিৎসক আৰু ফাৰ্মাচিষ্ট উপস্থিত থাকে।

Apply Now
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd