• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষা পিছুৱাই চৰকাৰে আওপকীয়াকৈ মানি ল’লে নেকি অসম বন্ধ? খোদ চৰকাৰেই সমাজত বৈষম্যৰ ভাব বিয়পোৱাৰ অভিযোগ

২৩ অক্টোবৰৰ বন্ধৰ ব্যৰ্থ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল বিজেপি চৰকাৰ আৰু দলে; মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শিলাদিত্য আৰু 'অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম' বুলি কোৱা সুৰজিত সৰকাৰক সোধা-পোছাৰ বাবেও নামাতিলে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2018 8:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুণোৎসৱৰ পৰীক্ষা বাতিলেৰে চৰকাৰে আওপকীয়াকৈ মানি ল’লে নেকি কাইলৈৰ অসম বন্ধ? এই প্ৰশ্নই এতিয়া সকলো স্তৰৰ অসমীয়াৰ মনত খুন্দিয়াই গৈছে।

বিশেষকৈ যোৱা ২৩ অক্টোবৰত অসমৰ খিলঞ্জীয়া লোকৰ অৰ্ধ শতাধিক সংগঠনে দিয়া অসম বন্ধ ব্যৰ্থ কৰিবলৈ চৰকাৰে যি তৎপৰতা আৰু দৃঢ় পদক্ষেপ লৈছিল তাৰ বিপৰীত স্থিতিত দেখা গৈছে ৩ নৱেম্বৰত বাঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ ক্ষেত্ৰত। আনহাতে অসম বিজেপিয়েও ২৩ অক্টোবৰৰ বন্ধ ব্যৰ্থ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাই সংবাদমেল দিছিল।

Apply Now

উল্লেখযোগ্য যে ১ নৱেম্বৰত তিনিচুকীয়াত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ প্ৰতিবাদত কাইলৈ, অৰ্থাৎ ৩ নৱেম্বৰত বৰাকৰ বহুকেইটা সংগঠনে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

Gunotsav_Notice
গুণোৎসৱ পৰীক্ষা পিছুৱাই দিয়া প্ৰথমখন জনানী।

কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত বিশেষ প্ৰভাৱ নথকা বৰাকৰ বাঙালী সংগঠনকেইটাই অসম বন্ধৰ আহ্বান জনাবলৈ পালে কি নাপালে চৰকাৰৰ সৰ্বশিক্ষা বিভাগে কাইলৈৰ গুণোৎসৱ পৰীক্ষা বাতিল কৰি পিছুৱাই ৫ তাৰিখে পাতিবলৈ অসমৰ সকলো জিলাৰ উপায়ুক্তলৈ জাননী প্ৰেৰণ কৰিলে। (মন কৰিব লগীয়া যে সকলো জিলাৰ পৰিৱৰ্তে ১৭খন জিলাতহে গুণোৎসৱৰ পৰীক্ষা চলি আছে)।

ইয়াৰ জৰিয়তে আওপকীয়াকৈ চৰকাৰে কাইলৈৰ বন্ধটো মানি লৈছে অথবা সমৰ্থন জনাইছে। ইয়াকে লৈ সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশৰ অভিযোগ, এইদৰেই নিজৰ নীতিৰ জৰিয়তে সমাজত খোদ চৰকাৰেই বৈষম্যৰ ভাব বিয়পাই আছে।

তিনিচুকীয়াৰ ঘটনাটোক সকলো সচেতন অসমীয়াই গৰিহণা দিছে যদিও চৰকাৰৰ এই স্থিতিত ক্ষুভিত হৈছে জাতীয় ভাবৰ দল-সংগঠন, ব্যক্তি।

আনহাতে উচটনিমূলক মন্তব্য দিয়া বুলি যিকেইজন অসমীয়া লোকৰ বিৰুদ্ধে অভিযোগ উঠিছে তেওঁলোকক আৰক্ষীয়ে সোধা-পোছা কৰাৰ লগতে আজি জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে। কিন্তু ‘অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম বুলি কোৱা বাঙালী সংগঠনৰ নেতা সুৰজিত সৰকাৰ বা বিধায়ক শিলাদিত্যক এতিয়ালৈকে সোধা-পোছাৰ বাবেও মতা নাই, যদিও তেওঁলোকৰ বিৰুদ্ধেও গোচৰ দিয়া হৈছে।

পৰীক্ষা পূৰ্ব নিৰ্ধাৰিত সূচীমতেই হ’ব বুলি পুনৰ জাননী

আনহাতে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে কেইঘণ্টামানৰ ভিতৰতে চৰকাৰে স্থিতি সলনি কৰিবলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে।

এটা অসমৰ্থিত সূত্ৰই জনোৱামতে, শেহতীয়াকৈ চৰকাৰে পূৰ্বৰ স্থিতি সলাই পৰীক্ষা আগৰ সূচীমতেই অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

জানিব পৰামতে, পূৰ্বৰ জাননীখন জাৰি কৰা সৰ্বশিক্ষা মিশ্যনৰ মিশ্যন ডাইৰেক্টৰেই এইখন জাননীও জাৰি কৰিছে। অৱশ্যে শিক্ষকসকলৰ একাংশক ফোন কৰাত তেওঁলোকলৈ প্ৰথমটো বাৰ্তাহে ম’বাইলত গৈছে, দ্বিতীয়খন জাননীৰ কথা তেওঁলোক অৱগত নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd