• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনত হস্তক্ষেপ নকৰিব! ভাৰতক সকীয়নি চীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 8:12 pm
202
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দালাই লামাক লৈ পুনৰ সংঘাতত লিপ্ত হৈছে ভাৰত আৰু চীন। বৌদ্ধ ধৰ্মগুৰুগৰাকীৰ উত্তৰাধিকাৰী নিৰ্বাচনক লৈ নতুন দিল্লীক সকীয়নি প্ৰদান কৰিছে বেইজিঙে। চীনে স্পষ্টভাৱে জনাই দিছে যে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো বাহিৰা হস্তক্ষেপ তেওঁলোকে মানি নলয়। কাৰণ এইটো সম্পূৰ্ণৰূপে চীনৰ নিজা আভ্যন্তৰীণ বিষয়। এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল চীন চৰকাৰৰহে আছে।

দেওবাৰে ভাৰতত থকা চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙে ছ’চিয়েল মিডিয়াত কয় যে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰাটো বহু শতিকা পুৰণি এক ধৰ্মীয় ৰীতি আৰু ই ঐতিহাসিক প্ৰথা অনুসৰি সম্পন্ন হয়। সমগ্ৰ প্ৰক্ৰিয়াটো চীন চৰকাৰৰ অনুমোদনৰ ভিত্তিতহে কৰা হয়। তেওঁ দাবী কৰে যে বৰ্তমানৰ ১৪শ দালাই লামাকো একেই প্ৰক্ৰিয়াৰ মাজেৰে স্বীকৃতি দিয়া হৈছিল। তেওঁ লগতে কয় যে চেণ্ট্ৰেল টিবেটান এডমিনিষ্ট্ৰেচনৰ কোনো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি নাই। সেয়েহে তিব্বতৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ কোনো বৈধ অধিকাৰ তেওঁলোকৰ নাই। ফলত দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনক লৈ তেওঁলোকে কোনো মন্তব্য কৰিব নোৱাৰে। উল্লেখযোগ্য যে অহা ২৭ মে’ তাৰিখে ধৰ্মশালাত চেণ্ট্ৰেল টিবেটান এডমিনিষ্ট্ৰেচনৰ মুৰব্বী পেনপা চেৰিঙে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব। সেই অনুষ্ঠানত বৰ্তমানৰ দালাই লামা উপস্থিত থকাৰ কথা আছে। তাৰ ঠিক আগতে চীনৰ বিষয়াই এনে মন্তব্য কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিশ্লেষকসকলে বিবেচনা কৰিছে। চীনৰ দূতাবাসৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এই কথাও কোৱা হৈছে যে তেওঁলোকে আশা কৰে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব। তিব্বতৰ স্বাধীনতাৰ সপক্ষে প্ৰচাৰ চলোৱা কোনো কাৰ্যকলাপক ভাৰতে প্ৰশ্ৰয় নিদিব আৰু দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনতো হস্তক্ষেপ নকৰিব।

Apply Now

১৯৫৯ চনত চীনৰ আক্ৰমণকাৰী সেনাৰ হাতৰ পৰা হাত সাৰিবলৈ বৰ্তমানৰ দালাই লামাই তিব্বতৰ পৰা পলাই আহি অনুগামীসকলৰ সৈতে ভাৰতত আশ্ৰয় লৈছিল। তেতিয়াৰ পৰাই বেইজিঙে তেওঁক এজন বিচ্ছিন্নতাবাদী নেতা বুলি গণ্য কৰি আহিছে। দালাই লামাই বহুবাৰ ভাৰতৰ সহায় লৈ চীনৰ কবলৰ পৰা তিব্বতক স্বাধীন কৰাৰ চেষ্টা চলাইছে। জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই দালাই লামাক লৈ ভাৰত আৰু চীনৰ মাজত কূটনৈতিক সংঘাত চলি আহিছে। এই সংঘাতৰ মাত্ৰা যে আজিলৈকে অলপো কমা নাই সেয়া বাৰে বাৰে প্ৰমাণিত হৈছে। দালাই লামাই সদায় ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে। অৱশ্যে মৃত্যুৰ আগতে এবাৰ নিজৰ মাতৃভূমি তিব্বতলৈ ঘূৰি যোৱাৰ ইচ্ছাও তেওঁ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd