ডেৰ বছৰ আগতে গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। তাৰ পৰা কিছু সুস্থ হৈ ঘৰলৈ উভতি আহিছিল। অৱশ্যে প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি পুনৰ স্বাস্থ্যজনিত সমস্যাত ভুগিছে। জানিব পৰা মতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মগজুত তেজ গোট মাৰিছে। যাৰ বাবে তেওঁৰ স্মৃতিশক্তি ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে।
২০২৪ চনৰ ডিচেম্বৰ মাহত কাম্বলিক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। জানিব পৰা মতে তেওঁ প্ৰস্ৰাৱৰ সংক্ৰমণত ভুগি আছিল। সেই সময়ত তেওঁৰ দুৰ্বল শাৰীৰিক অৱস্থাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল, আৰু ইয়াৰ পৰা আৰম্ভ হৈছিল এক বৃহৎ চৰ্চা।
তেওঁৰ কাষত থিয় দিছিল কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ। আৰ্থিক সাহায্যও আগবঢ়াইছিল। এতিয়া তেওঁৰ এজন ঘনিষ্ঠ বন্ধু মাৰ্কাছ কুট’ই কৈছে যে কাম্বলিৰ মগজুত তেজ জমা (ক্লট) হৈছে। যাৰ ফলত পৰিস্থিতি জটিল হৈ পৰিছে।
কুটোৱে কয়, ‘মই তেওঁৰ বন্ধুসকলক লৈ হোৱাটছএপ গ্ৰুপ এটা বনাইছো। মূলতঃ প্ৰাক্তন ক্ৰিকেটাৰসকলেই তাত আছে।কিছুমানে নিজৰ নাম প্ৰকাশ নকৰাকৈ নিয়মীয়াকৈ আৰ্থিক সহায় আগবঢ়াইছে। তেওঁৰ স্মৃতিশক্তি বৰ ভাল অৱস্থাত নাই। অৱশ্যে, যোৱা ছমাহত তেওঁৰ অৱনতি হোৱা নাই বুলি সকাহ পোৱা গৈছে। কেতিয়াবা তেওঁৰ কিবা এটা মনত পৰে। কিন্তু বেছিভাগ সময়তে তেওঁৰ সমস্যা হয়। বিনোদৰ মগজুত ক্লট আছে। যিটো আৰু আঁতৰোৱা সম্ভৱ নহয় কাৰণ প্ৰাৰম্ভিক পৰ্যায়ত উপযুক্ত সাৱধানতা অৱলম্বন কৰা হোৱা নাছিল। চিকিৎসকসকলে কৈছে যে তেওঁৰ মগজুৰ ষ্ট্ৰোক হোৱাৰ আশংকা আছে।”
তেওঁ লগতে কয়, ‘এজন প্ৰখ্যাত স্নায়ুচাৰ্জনে কৈছে যে বিনোদৰ পিছৰ পৰ্যায়ত মগজুৰ ষ্ট্ৰোক হোৱাৰ আশংকা আছে। তেওঁ এতিয়া মদ খোৱা বন্ধ কৰি দিছে যদিও তেওঁ কেতিয়াবা চিগাৰেটৰ বাবে হাহাকাৰ কৰে। যদিও পথচাৰীয়ে চিনি পাই তেওঁক সহায় কৰে, তথাপিও বহুতে বুজি নাপায় যে তাত তেওঁৰ ক্ষতি হৈছে। বৰ্তমান তেওঁৰ সমস্যা হৃদযন্ত্ৰ, যকৃত বা বৃক্কত নহয়, কিন্তু মূল সমস্যাটো হৈছে মগজুত যাৰ বাবে শৰীৰৰ ভাৰসাম্য বিঘ্নিত হৈছে।”
কাম্বলিৰ বন্ধুগৰাকীয়ে কয়, “বলবিন্দৰ সিং সান্ধুৱে বিষয়টো চোৱাচিতা কৰি আছিল। ১৯৮৩ চনৰ দলটোৱে তেওঁক সহায় কৰাৰ সিদ্ধান্ত লৈছিল। পানভেলৰ এজন চিকিৎসকেও ১১ মাহৰ ৰিহাবৰ পৰিকল্পনা কৰিছিল। কিন্তু পিছত গম পোৱা গ’ল যে খৰচ বহন কৰাটো সম্ভৱ নহয়। কপিল দেৱে তেওঁক হাৰিয়ানাৰ এটা ৰিহাব চেণ্টাৰলৈ লৈ যাব বিচাৰিছিল। কিন্তু সেই সময়ত এনে লাগিছিল যে ই কোনো সমাধান নহয়।চিকিৎসকসকলে কৈছে যে ব্ৰেইন ষ্ট্ৰোকৰ আশংকাৰ বাবে ভৱিষ্যতে উন্নত চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে।”
বৰ্তমান কাম্বলি চিকিৎসকসকলৰ পৰ্যবেক্ষণত আছে। তেওঁৰ যুঁজ এতিয়া জীৱনৰ বাবে। আৰু সেই যুঁজখনত তেওঁৰ সতীৰ্থ, বন্ধুবৰ্গ আৰু অনুৰাগীসকল তেওঁৰ কাষত আছে। ইয়াৰ পূৰ্বে ২০১৩ চনত কাম্বলিৰ দুটা অস্ত্ৰোপচাৰ কৰা হৈছিল। সেই সময়ত তেওঁৰ শৈশৱৰ বন্ধু শচীন টেণ্ডুলকাৰে চিকিৎসাৰ খৰচ বহন কৰিছিল।
উল্লেখ্য যে তেওঁ দেশৰ হৈ ১০৪খন এদিনীয়া আৰু ১৭খন টেষ্ট খেলিছিল। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ বহু মাইলষ্টোন অৰ্জন কৰিছিল। একেৰাহে দুটাকৈ দ্বিশতকৰ অভিলেখো তেওঁৰ হাতত আছে। কিন্তু অতি সোনকালেই তেওঁ ক্ৰিকেটৰ পৰা নোহোৱা হৈ গ’ল। মন কৰিবলগীয়া যে শেহতীয়াকৈ এটা আইচক্ৰীম কোম্পানীৰ বিজ্ঞাপনৰ শ্বুটিঙতো কাম্বলিয়ে অংশ লৈছিল।





