এইবেলি অভিনেত্ৰী আইমী বৰুৱাই পৰিচালনা কৰা ডিমাছা ভাষাৰ ছবি ‘SEMKHOR’-এ ”টেগৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত” তিনিটা শিতানত বঁটা লাভ কৰিছে। এয়া ভাল খবৰ যদিও বঁটা লাভ কৰাৰ সংবাদ পৰিবেশনৰ ক্ষেত্ৰত একাংশ সংবাদ মাধ্যমে যেনে ধৰণৰ তথ্য প্ৰচাৰ কৰিলে সেয়াহে পুতৌজনক কথা হিচাবে বিবেচিত হৈছে।
উল্লেখ্য টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ডিমাছা ভাষাৰ প্ৰথমখন ছবি SEMKHOR-এ BEST NARRATIVE, BEST WOMEN FILM, BEST DEBUT FILM MAKERৰ শিতানত বঁটা লাভ কৰিছিল আইমী বৰুৱাই।
ছবিখনৰ মুখ্য চৰিত্ৰতো অভিনয়ো কৰিছে অভিনেত্ৰীগৰাকীয়ে।
ইমানলৈকে সকলো কথাই ঠিকে আছিল যদিও সংবাদ মাধ্যমৰ একাংশ লোকে উঞ্ছবৃত্তি অৱলম্বন কৰি আইমী বৰুৱাই নিৰ্মাণ কৰা ছবি খনেই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা পোৱা মহিলা পৰিচালিকাৰ প্ৰথম ছবি বুলি বাতৰি প্ৰকাশ কৰাৰ কথাই বহুতোৰে চকু থৰ লগাইছে।
দৰাচলতে আইমী বৰুৱাৰ এই ছবিখনৰ পূৰ্বে আন্ত-ৰাষ্ট্ৰীয় চলচ্চিত্ত মহোৎসৱত অসমীয়া মহিলা পৰিচালকৰ কেইবাখনো ছবিয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
তেনে অসমীয়া মহিলা পৰিচালক সকলৰ ভিতৰত মঞ্জু বৰা,সান্ত্বনা বৰদলৈ,ৰীমা দাস,ৰজনী বসুমতাৰী, ড়ঃ ববী শৰ্মা বৰুৱা, ৰূপা বৰুৱা আদি অন্যতম।
ইমানৰ পিছতো একাংশ সংবাদ মাধ্যমৰ সাংবাদিকে অসমৰ মহিলা পৰিচালকে ইতিপূৰ্বে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাভ কৰা বঁটাৰ তথ্য গাপ দি আইমী বৰুৱাৰ ছবি খনেই আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা মহিলা পৰিচালকৰ প্ৰথম ছবি বুলি প্ৰকাশ কৰিছে।
এনে বাতৰিয়ে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসক বিকৃত কৰাৰ লগতে তেনে সাংবাদিক সকলে যে অজ্ঞতা অথবা ন্যস্ত স্বাৰ্থৰ বাবেই ভুল তথ্যৰে জনতাক বিভ্ৰান্ত কৰিব বিচাৰিছে তাকেই প্ৰতীয়মান কৰিছে।
ইতিমধ্যে ছ’চিয়েল মিডিয়াতো বিষয়টোকলৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।