• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সৰ্বকালৰ অভিলেখ ভংগ কৰি চেঞ্চুৰীৰ দিশে ডলাৰৰ বিপৰীতে টকাৰ মূল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2026 2:58 pm
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্যই ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি নিম্নগামী হৈছে। মঙলবাৰে বজাৰ খোলাৰ লগে লগে টকাৰ মূল্য প্ৰায় ২৭ পইচা হ্ৰাস পায় যাৰ ফলত এতিয়া প্ৰতি ডলাৰৰ বিনিময়ত ভাৰতীয় টকাৰ মূল্য চাৰে ৯৫ টকাৰ সীমা পাৰ কৰি গৈছে। বৰ্তমান টকাৰ মূল্য ৯৫.৫৮ টকালৈ নামি আহিছে যিটো দেশৰ অৰ্থনীতিৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই ধাৰা অব্যাহত থাকিলে ডলাৰৰ বিপৰীতে টকাৰ মূল্য ১০০ অৰ্থাৎ চেঞ্চুৰীৰ দিশে আগবঢ়াটো প্ৰায় নিশ্চিত হৈ পৰিছে। কেৱল মুদ্ৰা বজাৰতে নহয় শ্বেয়াৰ বজাৰতো একেই ভয়ংকৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। সোমবাৰে ছেনচেক্স ৯০০ পইণ্টতকৈও অধিক হ্ৰাস পোৱাৰ পিছত মঙলবাৰেও বজাৰত তেজৰঙা পৰিৱেশ বিৰাজ কৰিছে।

আন্তৰ্জাতিক বজাৰত বৃদ্ধি পোৱা খাৰুৱা তেলৰ মূল্য আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবেই ভাৰতীয় টকাৰ ওপৰত এনেদৰে চাপ বাঢ়িছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহত ইৰাণৰ মাটিত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছৰে পৰা পৰিস্থিতি উত্তপ্ত হৈ আছিল। যদিও অলপতে দুয়ো পক্ষ যুদ্ধবিৰতিত সন্মত হৈছিল কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শেহতীয়া হুংকাৰে পৰিস্থিতি পুনৰ জটিল কৰি তুলিছে। ট্ৰাম্পে স্পষ্টকৈ জনাইছে যে যুদ্ধবিৰতি এতিয়া কেৱল লাইফ সাপোৰ্টতহে আছে। এই মন্তব্যৰ লগে লগেই গোলকীয় বজাৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে আৰু ভাৰতীয় টকাৰ দ্ৰুত পতন আৰম্ভ হৈছে।

Apply Now

ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল দেশত ব্যৱহাৰ হোৱা প্ৰায় ৯০ শতাংশ ইন্ধন বৰ্তমান যুদ্ধ জৰ্জৰ অঞ্চলসমূহৰ পৰাই আমদানি কৰা হয়। ইন্ধন যোগান ব্যাহত হোৱাৰ আশংকাত দেশবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে। এনে সংকটময় সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সজাগ আৰু সংযমী হ’বলৈ আহ্বান জনাইছে। তেওঁ জনসাধাৰণক প্ৰয়োজন সাপেক্ষে ঘৰৰ পৰা কাম কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে খোৱা তেলৰ ব্যৱহাৰ আৰু সোণ ক্ৰয় কৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অভয় দি জনাইছে যে দেশত সকলো ধৰণৰ ইন্ধনৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে যদিও বৰ্তমানৰ আন্তৰ্জাতিক পৰিস্থিতিয়ে অৰ্থনীতিক অধিক জুৰুলা কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd