নিৰ্বাচনত জালিয়াতিৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা একালৰ মহাপ্ৰতাপী শাসক ড’নাল্ড ট্ৰাম্পক। অৱশ্যে ঐতিহাসিক ‘মগ শ্বট’ লোৱাৰ পিছত ২ লাখ ডলাৰৰ বণ্ডত তেওঁক মুকলি কৰি দিয়া হয়।
২০২০ চনৰ ৰাষ্ট্রপতি নির্বাচনত জর্জিয়া প্ৰদেশৰ ফলাফল সলনিৰ বাবে আন ১৮ গৰাকী বিৰোধীৰ সৈতে গোপন বুজাবুজিৰ অভিযোগত অভিযুক্ত ট্ৰাম্পে আটলাণ্টাৰ ফুলটন কাউন্টি জেলৰ ভিতৰত প্ৰায় ৩০ মিনিট সময় কটাব লগা হয়।
এই গোচৰত আত্মসমৰ্পণ কৰা আন অভিযুক্তসকলৰ দৰেই ট্ৰাম্পৰো মগ শ্বট লোৱা হয়। লক্ষণীয়ভাৱে আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এইদৰে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা কোনো ব্যক্তিয়ে মগ শ্বট দিব লগা হৈছে।
ইতিমধ্যে ট্ৰাম্পৰ এই ঐতিহাসিক মগ শ্বটৰ ছবি প্ৰকাশ কৰা হৈছে। গাঢ় নীলা ৰঙৰ চুট, বগা চাৰ্ট আৰু ৰঙা টাই পৰিহিত ট্ৰাম্পে ফুলটন কাউন্টি জেলে তুলি দিয়া কয়দী নম্বৰ “PO1135809” লিখা ফলক ধৰি মাগ শ্বটৰ বাবে পজ দিয়ে।
ইফালে গ্ৰেপ্তাৰৰ পিছতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে এই দিনটো আমেৰিকাৰ বাবে অতি দুখজনক দিন আখ্যা দিয়ে। ২০২৪ চনৰ ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ মনোনয়নৰ বাবে আগশাৰীৰ দাবীদাৰ ট্ৰাম্পে লগতে কোনো ভুল কৰা নাই বুলিও দাবী কৰে।
উল্লেখ্য যে, ইতিপূৰ্বে নিউয়ৰ্কত এগৰাকী পৰ্ণ ষ্টাৰক মুখ বন্ধ ৰখাৰ বাবে ধন দিয়াৰ অভিযোগত, ফ্ল’ৰিডাত অতি গোপন চৰকাৰী নথি-পত্ৰৰ অপব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰৰ সময়ত মাগ শ্বট লোৱাৰ পৰা ৰক্ষা পৰিছিল।





