ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সোমবাৰে মাজনিশা চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।
তিনি দিনৰ মূৰত চিকিৎসালয়ৰ পৰা হোৱাইট হাউছলৈ ঘূৰি অহা ট্ৰাম্পৰ স্বাস্থ্য বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ট্ৰাম্পে চিকিৎসালয়ৰ পৰা মাস্ক পিন্ধি বাহিৰলৈ ওলাইছিল যদিও টুইটাৰযোগে শ্বেয়াৰ কৰা ভিডিঅ’টোত মাস্ক পৰিধান কৰা নাছিল।
ইফালে নিজৰ স্বাস্থ্য সুস্থ হোৱাৰ কথা এটা টুইটেৰে জানিবলৈ দি ট্ৰাম্পে কয়, ‘মোৰ এতিয়া ভাল। ক’ৰ’নাক লৈ ভয় কৰাৰ কোনো দৰকাৰ নাই। ইয়াক নিজৰ জীৱনত প্ৰভাৱ পেলাব নিদিব’।
ট্ৰাম্পে নিজকে সুস্থ বুলি কোৱাৰ বিপৰীতে চিকিৎসকে ৰাষ্ট্ৰপতি ট্ৰাম্পক নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিবলৈ কয়।
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্প ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।
ইয়াৰ পিছতে ট্ৰাম্পক শুকুৰবাৰে ৱাল্টৰ ৰীড নেশ্যনেল মিলিট্ৰী মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল।