• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

তদন্ত নে ঘমঘণ্ট? জুবিন গাৰ্গৰ মৃত্যু-ৰহস্য আৰু মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ কিছু প্ৰশ্ন ড০ হীৰেন গোহাঁইৰ

ড০ হীৰেন গোহাঁই by ড০ হীৰেন গোহাঁই
October 18, 2025 12:49 pm
98
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যূ-ৰহস্য লৈ পানী ঘোলা কৰাৰ ইচ্ছা নাছিল। কিন্তু কিছু দিনৰ পৰা কেতবোৰ সন্দেহ ঘনীভূত হৈ মোক বৰ উদ্বিগ্ন কৰি আছে। ৰাইজক জনালে তাৰ সুবিচাৰ হ’ব বুলি আশা কৰিছোঁ।

জুবীনৰ মৃত্যুক লৈ অসমৰ সৰহ সংখ্যক ৰাইজে অতি অশান্তি তথা উদ্বেগত দিন কটাইছে। হত্যাৰ সন্দেহ ব্যাপক হৈ পৰাত মুখ্যমন্ত্ৰীয়ে তুৰন্তে তদন্তৰ‌ বাবে SIT গঠন কৰাটো উচিত পদক্ষেপেই আছিল, কিন্তু তাৰ পিছত পুতলা নাচৰ সূত্ৰধাৰৰ দৰে তেওঁ নিৰৱিচ্ছিন্নভাবে তাৰ অগ্ৰগতি সম্পৰ্কে যি ধৰণৰ ধাৰাবিৱৰণী দি আছে তাৰ পৰা ধাৰণা হয় যে তেওঁ তদন্তৰ গতিপথো নিৰ্ধাৰণ কৰি আছে।

Apply Now

বহু বিজ্ঞ জনে কৈছে যে SITৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কে ৰাইজক জনাবলৈ আৰক্ষী মহলে এজন মুখপাত্ৰ(spokesman) নিয়োগ কৰিলে ভাল আছিল। কিন্তু প্ৰশাসনৰ মুৰব্বী জনেই থপি‌য়াই সেই দায়িত্ব লৈ ল’লে কাৰ সাধ্য প্ৰতিবাদ কৰে?

ফলত নানা খবৰৰ লগে লগে মুখ্যমন্ত্ৰীৰ নানা ভাষ্য আৰু জল্পনা-কল্পনাও ৰাইজে শুনিব লগা হৈছে, যিটো কোনো দায়িত্বশীল আৰক্ষী বিষ‌য়াই নকৰিলেহেঁতেন। ফলত তথ্যবোৰৰ গাম্ভীৰ্য হ্ৰাস পাইছে।

তদুপৰি নিজৰ অজ্ঞাতে আৰু অস্বস্তিকৰভাবে তেওঁ নিজেও সন্দেহৰ পাত্ৰ হৈ পৰিছে। শ্যামকানু মহন্তৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি উপযাচি ঘোষণা কৰাৰ পাছতে একডজন মান ফটো, ভিডিঅ’ ওলাইছে মহন্তৰ লগত তেওঁৰ ঘনিষ্ঠতা প্ৰমাণ কৰি। এনে পৰিস্থিতি হ’ল যে কোনো কোনোৱে তেওঁকো তদন্তৰ আউটিলৈ আনিব লাগে বুলি দাবী কৰিব পৰা হ’ল।

 শ্যামকানু গুৱাহাটী আহি পোৱাৰ আগতেই জুবিন হত্যাত মহন্ত জড়িত আছিল বুলি ঢক ফুটি গ’ল। আৰু আৰক্ষী তথা SITয়ে তেওঁৰ ঘৰৰ তলা ভাঙি তেওঁৰ বিৰুদ্ধে বিত্তীয় দুষ্কৃতিৰ বিস্তৰ প্ৰমাণ পোৱাৰ বাতৰি ওলাল। নিয়ম-বহিৰ্ভূত ভাবে SIT য়ে এই বৃহৎ পৰিমাণৰ সাক্ষ্যপ্ৰমাণ মুখ্যমন্ত্ৰীক গতালে বুলিও কাকতে-পত্ৰই বাতৰি প্ৰকাশ পালে।

মুখ্যমন্ত্ৰী SITৰ শীৰ্ষ বিষয়া হ’ল কেতিয়া? আৰু দেশত আইন-কানুন বুলি কথা এটা নাই জানো? অভিযুক্ত নোহোৱালৈকে শ্যামকানু দেশৰ নাগৰিক, যাৰ সম্পত্তিত কোনেও আইনমতে হাত দিব নোৱাৰে। তেন্তে তেওঁৰ ঘৰৰ তলা ভাঙি আৰক্ষীয়ে কেনেকৈ তেওঁৰ আলমাৰিৰ লকাৰ ভাঙিলে?কোন আদালতে তাৰ অনুমতি দিলে?

তদন্ত হৈ আছিল জুবিনৰ মৃত্যু তথা হত্যাক লৈ। শ্যামকানুৰ বৈধ বা অবৈধ সম্পত্তিৰ লগত তাৰ কোনো সম্পৰ্ক এতিয়াই ওলোৱাৰ সম্ভাৱনা কম। তেন্তে আগতে জপিয়াই এই কাম SITয়ে কৰিছে কিয়?

সকলোতকৈ ডাঙৰ আৰু গধূৰ কথাটো হৈছে আজি লক্ষ্মী তামুলীয়ে আন এঠাইত ব্যক্ত কৰা কথা এটা। তদন্তৰ মূল বিষয়া ৰ’জি কলিতা, যি ছমাহমান ধৰি গৌৰৱ গগৈৰ পাকিস্তানী যোগাযোগৰ ৰোমহৰ্ষক বিস্তৰ তথ্য আবিষ্কাৰ কৰি আটাইকে ৰোমাঞ্চিত কৰিছিল। ধাৰণা হয় যে তেনে ধৰণী জোকৰা ভয়ঙ্কৰ তথ্য উলিওৱাত তেওঁৰ বিশেষ ব্যুৎপত্তি আছে। ইয়াতো সেই দক্ষতাৰ প্ৰয়োগ হ’ব নেকি? কিমধিকমিতি।

ড০ হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd