• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজেল মাফিয়াৰ বিৰুদ্ধে অভিযান : লাইন হোটেলৰ পৰা ১৫ শ লিটাৰ ডিজেল জব্দ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
February 11, 2019 7:45 am
IMG-20190210-WA0091
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ দলগাঁও থানাৰ পৰা কেই কিলোমিটাৰ মান দূৰত্বত বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ লাইন হোটেলত বছৰ বছৰ ধৰি চলি থকা অবৈধ ডিজেল ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ধাবাৰ পৰা অবৈধ ব্যৱসায়ৰ বাবে মজুত কৰি ৰখা ১৫ শ লিটাৰ চোৰাং ডিজেল জব্দ কৰিবলৈ সক্ষম হৈছে।

দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই খাৰুপেটীয়া থানাৰ আৰক্ষীৰ সহযোগত নিশা চলোৱা এক  অভিযানত এই বৃহৎপৰিমানৰ ডিজেল জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে,  আন্ধাৰৰ সুযোগ লৈ ডিজেল মাফিয়া ছাইৰুদ্দিন পলায়ন কৰে ৷

Apply Now

ইপিনে, উপ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে দলগাঁও থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অবৈধ ডিজেল জব্দ কৰি থানালৈ আনে আৰু ৫১/২০১৯ নম্বৰ ৩৭৯ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে ৷

প্ৰাপ্ত তথ্য আৰু অভিযোগ মতে বেছিমাৰীৰ ধাবা সমূহত বহু দিনৰ পৰাই এনে অবৈধ ডিজেল ব্যৱসায়কে আদি কৰি নানা অসামাজিক কাম চলি থাকে যদিও এনে কাণ্ডৰ বিৰুদ্ধে আৰক্ষী প্ৰসাশনে কোনো ব্যৱস্থা লোৱা নাছিল ৷ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এই ধাবা সমূহত পূৰ্বতে কেইবাবাৰো অভিযান চলায় যদিও  সফল হ’ব পৰা নাছিল ৷

আনহাতে, নৱ নিযুক্ত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত দলগাঁও থানাৰ অজ্ঞাতে খাৰুপেটীয়া থানাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই এক বৃহৎ পৰিমানৰ অবৈধ ডিজেল জব্দ কৰিবলৈ সক্ষম হোৱাত ৰহস্য ঘনীভূত হৈছে ৷ অভিযোগ মতে বেছিমাৰীত ৰাষ্ট্ৰীয় ঘাই পথত চলা গাড়ীৰ পৰা ডিজেল মাফিয়াই কেতিয়াবা ব্লেকমেইল কৰি, কেতিয়াবা প্ৰলোভন দি ডিজেল চুৰি কৰি উলিয়াই লয়৷

আনহাতে, পূৰ্বতে বহুবাৰ এনে ঘটনাৰ প্ৰমান পোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ মতে এই ধাবাত টেংকীয়ে টেংকীয়ে চোৰাং তেল উলিয়াই ৰখাৰ লগতে ওচৰৰ ৰৌতাৰ এক পেট্ৰল পাম্পৰ চুৰি তেলো এই ধাবাত বিক্ৰী কৰা হৈছিল ৷

স্থানীয় ৰাইজৰ অভিযোগ মতে এই ধাবাৰ মালিক আৰু ৫ নং বৰুৱাঝাৰৰ চাইৰুদ্দিনৰ লগত দলগাঁও থানাৰ আৰক্ষীৰ গোপন বুজাবুজি আছে যাৰ বাবে অবৈধ ডিজেল ব্যৱসায়ৰ উপৰিও নানা অসামাজিক কামবোৰ দলগাঁও থানাৰ ছত্ৰ ছায়াতে চলি আহিছে ৷

তদুপৰি, স্থানীয় ৰাইজে ভৱিষ্যতেও দলগাঁও আৰক্ষীক খবৰ নিদিয়াকে অভিযান চলোৱাৰ দাবী কৰে, তেতিয়াহে অবৈধ কামকাজৰ ঘাটী সমূহ উৎখাত হ’ব বুলি মত ব্যক্ত কৰে ৷

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd