• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নদীৰ বুকুত প্লাষ্টিকৰ দ’ম, পাৰত বিলাসী তোৰণ: ডুমডুমাত উন্নয়নৰ ফোপোলা স্বৰূপ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 6:12 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা নদীৰ দক্ষিণ পাৰত ৮৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত এক বিশাল আদৰণি তোৰণ উদ্বোধন কৰে। কিন্তু লক্ষণীয় বিষয়টো হ’ল যে যিখন নদীৰ পাৰত এই ব্যয়বহুল তোৰণখন নিৰ্মাণ কৰা হৈছে, সেই ডুমডুমা নদীখন বৰ্তমান তীব্ৰ প্ৰদূষণ, বেদখল আৰু অনিয়ন্ত্ৰিত বালি খননৰ ফলত অস্তিত্বৰ সংকটত পৰিছে।

ডুমডুমা পৌৰ সভাৰ দ্বাৰা ১৫ সংখ্যক বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মিত এই ‘আদৰণি তোৰণ’খন চহৰখনৰ দক্ষিণ প্ৰৱেশদ্বাৰত ডুমডুমা দলঙৰ ওচৰত অৱস্থিত। এই উদ্বোধনীত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা, ডুমডুমা পৌৰ সভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকে।

Apply Now

যি সময়ত তোৰণখন উদ্বোধন কৰা হৈছে, সেই সময়তে নদীখনৰ অৱস্থা দেখিলে চকু কপালত উঠিবলগীয়া। নদীখনৰ বিভিন্ন অংশত প্লাষ্টিকৰ আৱৰ্জনা আৰু ঘৰুৱা জাৱৰ-জোঁথৰৰ দ’ম জমা হৈ আছে। একাংশই নদীৰ বুকু বেদখল কৰাৰ ফলত নদীখন অতিশয় সংকীৰ্ণ হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নদীখনৰ কেইবাটাও স্থানত অবৈধ বালি খনন কাৰ্যও অব্যাহত আছে।

নদীৰ পাৰৰ বাসিন্দাৰ মতে, যোৱা কেইবা বছৰ ধৰি নদীখনৰ অৱস্থা ক্ৰমান্বয়ে শোচনীয় হৈ পৰিছে। জাৱৰ পেলোৱা, বেদখল আৰু বালি খননৰ বিৰুদ্ধে পৌৰ সভা তথা জিলা প্ৰশাসনক বাৰে বাৰে অভিযোগ দিয়াৰ পাছতো কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী স্থানীয় লোকে কয় যে, “এতিয়া বাৰিষা আহিলে নদীৰ পানী অতি সোনকালে ওফন্দি উঠে, কাৰণ নদীখনৰ প্ৰস্থ ক্ৰমান্বয়ে ঠেক হৈ আহিছে।”

পৰিৱেশ বিশেষজ্ঞসকলৰ মতে, নদী বেদখল আৰু অনিয়ন্ত্ৰিত বালি খননে নদী এখনৰ পানী কঢ়িওৱা ক্ষমতা হ্ৰাস কৰে আৰু পাৰসমূহ দুৰ্বল কৰি তোলে। ইয়াৰ ফলত গৰাখহনীয়া আৰু বানপানীৰ সম্ভাৱনা বৃদ্ধি পায়। অসমৰ খনন আৰু পৰিৱেশ নীতি অনুসৰি নদীৰ বুকুৰ পৰা বালি উলিওৱা আৰু আৱৰ্জনা পেলোৱাটো সম্পূৰ্ণ নিষিদ্ধ। কিন্তু সৰু চহৰসমূহত এনে আইনৰ সঠিক ৰূপায়ণৰ অভাৱত নিৰ্বিচাৰে এনে আইন উলংঘন চলি আহিছে।

মন কৰিবলগীয়া যে এই নতুনকৈ নিৰ্মিত আদৰণি তোৰণখন নদীখনৰ ঠিক কাষতে হোৱাৰ পাছতো উদ্বোধনৰ দিনা নদীখনৰ পুনৰুদ্ধাৰৰ বাবে কোনো পদক্ষেপ লোৱা দেখা নগ’ল। স্থানীয় বিভিন্ন সংগঠনে দাবী জনাইছে যে চহৰৰ উন্নয়নমূলক আঁচনিসমূহৰ লগতে নদী সুৰক্ষাৰ ব্যৱস্থাও সমান্তৰালভাৱে গ্ৰহণ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd