• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীপাৱলীৰ পূৰ্বেই ধোঁৱাৰ আচ্ছাদনে ঢাকি ধৰিল ৰাজধানী চহৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 22, 2022 6:29 pm
138
VIEWS
Share on FacebookShare on Twitter

এইবাৰ দীপাৱলীৰ পূৰ্বেই ধোঁৱাৰ আচ্ছাদনে ঢাকি ধৰিল দেশৰ ৰাজধানী দিল্লী চহৰ। শনিবাৰে পুৱা প্ৰদূষণৰ ধোঁৱাই ছানি ধৰিল দেশৰ ৰাজধানী নতুন দিল্লী। ধোঁৱা-ধূলিৰ আচ্ছাদনে নেদেখা কৰি তুলিলে ইণ্ডিয়া গেট আৰু ৰাষ্ট্ৰপতি ভৱন। সাক্ষী হৈ ৰ’ল বহুকেইজন চাইকেল আৰোহী।

উল্লেখ্য যে পূৰ্বতে দিল্লী আৰু উত্তৰ প্ৰদেশত দীপাৱলীত ফুটোৱা আতচবাজীৰ ফলত দীপাৱলীৰ পিছদিনাৰ পৰা অত্যধিক ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হয় দিল্লী চহৰত। প্ৰদূষণ মাত্ৰাধিক হোৱাৰ ফলত দিল্লীৰ নাগৰিকে উশাহ-নিশাহ লোৱা আৰু বাহিৰলৈ ওলোৱাটোৱেই দুঃসাধ্য হৈ পৰে। এনে বায়ু প্ৰদূষণৰ বাবে দীপাৱলীৰ পিছত স্কুল-কলেজ, কাৰ্যালয় আদি বন্ধ কৰিবলগীয়া তথা ৰাজধানীৰ জন-জীৱন ব্যাহত হৈ পৰাৰো নজিৰো আছে।

কিন্তু আশ্চৰ্যজনক ভাবে এই বছৰ দীপাৱলীৰ আগেয়েই দিল্লীৰ ৰাজপথ হৈ পৰিছে ধূলিময়। জানিব পৰা মতে, শণিবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণাগুণ, যাক ‘এয়াৰ কুৱালিটি ইণ্ডেক্স’ বুলি কোৱা হয়, তাৰ মাত্ৰা হৈছে ২৬২ । বিশেষজ্ঞ সকলে প্ৰদূষণৰ এই মাত্ৰাক অতি ভয়াৱহ বুলি সদৰী কৰিছে ।

শণিবাৰে পুৱাৰ দিল্লীৰ বায়ু প্ৰদূষণৰ সাক্ষী হোৱা নিখিল নামৰ এজন নিয়মীয়া চাইকেল চালকে সাংবাদিকৰ আগত কয় যে – “ এইবেলি কি হৈছে নাজানো; দীপাৱলীৰ পূৰ্বেই এনেধৰণৰ বায়ু প্ৰদূষণ হৈছে। আনকালে দীপাৱলীৰ পিছতহে এনে দৃশ্য দেখা যায়। ”

ইয়াৰ লগতে নিখিলে ৰাইজক ৰাজহুৱা যাতায়ত ব্যৱহাৰ কৰাৰ লগতে চাইকেল চলাবলৈ আহ্বান জনায়। শেষত নিখিলে দেশবাসীক উদ্দেশ্যি আতচবাজী তথা প্ৰদূষণমুক্ত দীপাৱলী উদযাপন কৰিবলৈ কয়।

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও দিল্লীত আতচবাজীবিহীন দীপাৱলী উদযাপনৰ বাবে কঠোৰ নিৰ্দেশ জাৰী কৰিছে। কেজৰিৱালৰ এই নিষেধাজ্ঞা কিমান ফলপ্ৰসু হয় সেয়া হ’ব লক্ষ্যণীয়।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd