DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Nukad Natak issue: বিৰিঞ্চি বৰাক অনাহকতে গ্ৰেপ্তাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লওক: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2022 6:43 am
আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পিছত নাট্যকৰ্মী  বিৰিঞ্চি বৰা।

আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পিছত নাট্যকৰ্মী বিৰিঞ্চি বৰা।

105
VIEWS
Share on FacebookShare on Twitter

Nukad Natak issue নগাঁওত বাটৰ নাটেৰ প্ৰতিবাদ কৰাৰ বাবে বিৰিঞ্চি বৰা নামৰ নাট্য কৰ্মীজন গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই “পুলিচ ৰাজ” ব্যৱস্থাৰ শীঘ্ৰে অৱসান ঘটাবলৈ দাবী জনাইছে।

অনাহক গ্ৰেপ্তাৰৰ মাজেৰে গণতান্ত্ৰিক অধিকাৰ ভংগ কৰা সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে।

বিৰিঞ্চি বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত সমগ্ৰ ৰাজ্যতে হোৱা প্ৰতিক্ৰিয়াৰ ফলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পুলিচে তেওঁক মুকলি কৰি দিয়ে।

লগতে পঢ়ক: শিৱৰ ভাৱত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাক জামিনত মুকলি

পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ নাট্য কৰ্মী বৰাই বাটৰ নাটকক মাধ্যম হিচাপে লৈ নগাঁওত প্ৰতিবাদ কৰে। ইয়াৰ পাছতে একাংশ হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে আৰক্ষী থানাত বৰাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছতে কালবিলম্ব নকৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

এইখিনিতেই প্ৰশ্ন উঠিছে, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই আৰক্ষী বাহিনী ইমান সক্ৰিয় হয় কিয় ? মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰতীকি প্ৰতিবাদ কৰাটো কোনো অপৰাধ নহয়। তেতিয়া হ’লে নগাঁও আৰক্ষীয়ে আইন নাজানে নেকি ? নে পুলিচ বাহিনীটো শাসক দলৰ নিৰ্দেশত চলা বাহিনীলৈ পৰ্যবাসিত হ’ব ধৰিছে ?

লগতে পঢ়ক: সন্দেহৰ আৱৰ্তত আলোচনা চুক্তি: পুনৰ সংঘৰ্ষত লিপ্ত হ’ল অসম আৰক্ষী আৰু আলফা স্বাধীন

এই ঘটনাৰ ঠিক দুদিন আগতে ডিব্ৰুগড়ত বিনীত বাগাৰীয়া নামৰ যুৱক এজনে হত্যাৰ ভাবুকি পোৱাৰ পাছত আৰক্ষীৰ ওচৰত সহায় বিচাৰি কোনো সহায় নাপালে আৰু অৱশেষত মুত্যুমুখত পৰিবলগীয়া হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘটা এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে যে শাসক দলৰ কৰ্মী সংগঠনৰ অভিযোগ পালেই অধিক সক্ৰিয় হৈ উঠা আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ অভাব অভিযোগ আৰু গণতান্ত্ৰিক অধিকাৰক কোনো গুৰুত্ব নিদিয়া হৈছে। এয়া আইনৰ শাসন আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ চৰম অৱনতি। প্ৰকৃততে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চত্ৰছায়াতে এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে।

লগতে পঢ়ক: ভক্ষকৰ ৰূপত ৰক্ষক: আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

ডি ৱাই এফ আইয়ে দাবী যে শীঘ্ৰে এই অৰাজক অৱস্থাৰ অৱসান ঘটাই আইনৰ শাসন প্ৰতিষ্ঠা কৰক, সাধাৰণ নাগৰিক তথা শিল্পী, সাংস্কৃতিক কৰ্মীৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰক। 

Recent News

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd