• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱৰ ভাৱত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাক জামিনত মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2022 5:54 pm
Protest against price hike dressed as Shiva
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত অবাধ হাৰত হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰা নামৰ ব্যক্তিজনক আজি মুকলি কৰি দিয়ে নগাঁও আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ পিছত বিৰিঞ্চি বৰাক তাৎক্ষণিকভাৱে জামিনত মুকলি কৰি দিয়া হয়।

উল্লেখ্য যে শনিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনৰ বৰ্ধিত মূল্যৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবলৈ বিৰিঞ্চি বৰাই গ্ৰহণ কৰিছিল এক অভিনৱ পন্থা। শিৱৰ পোছাক পৰিধান কৰি বাটৰ নাটৰ জৰিয়তে মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰিঞ্চি বৰাই।

Apply Now

কিন্তু মূলত: মূল্য বৃদ্ধিৰ বিৰুদ্ধে বৰাই প্ৰতিবাদ হিচাপে লোৱা এই পন্থাই হিন্দু ধৰ্মাৱলম্বীৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছে বুলি অভিযোগ কৰিছিল দুই হিন্দুত্ববাদী সংগঠন বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে।

ইয়াৰ পিছতে বিৰিঞ্চি বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল সংগঠন দুটাই। এজাহাৰ দাখিলৰ পিছতে নগাঁও আৰক্ষীয়ে বিৰিঞ্চি বৰাক আটক কৰিছিল।

সততে বিভিন্ন সামাজিক কাৰ্যৰ জড়িত থকা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধ কৰি অহা ব্যক্তিগৰাকীৰ গ্ৰেপ্তাৰৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে প্ৰতিক্ৰিয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত হস্তক্ষেপত কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই এক টুইট যোগে কয় যে সাম্প্ৰতিক বিষয়ক লৈ এনে প্ৰতিকী নাটক কৰা নিন্দনীয় নহয়। কোনো আপত্তিজনক ব্যৱহাৰ নকৰালৈকে পোছাক পিন্ধাটো অপৰাধ হ’ব নোৱাৰে। এই বিষয়ত নগাঁও আৰক্ষীক উপযুক্ত নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ লগতে কয়।

ইফালে নগাঁও আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পাছত তেওঁৰ ওপৰত দিয়া গোচৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰিঞ্চি বৰাই।

এই ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয় যে বাটৰ নাটৰ যোগে তেওঁ ৰাইজক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সজাগ কৰিব বিচৰা কাৰ্যত অন্য কোনো বিষয় অহাৰ প্ৰশ্নই নুঠে।

নিজকে এগৰাকী শিৱ ভক্ত বুলি উল্লেখ কৰি বৰাই লগতে কয় যে বজৰং দল, বিশ্ব হিন্দু পৰিষদ আদি বিজেপিৰ ভাতৃ সংগঠনে এই বিষয়ত কোনো জ্ঞান নথকাকৈয়ে তেওঁ বিৰুদ্ধে গোচৰ তৰিছে। তেওঁলোকে ‘হৰ হৰ মহাদেৱ’ ধ্বনিক ‘হৰ হৰ মোদী’ বুলি শ্ল’গান দি নিজেই শিৱক অপমান কৰিছে।

এনে মনেসজা গোচৰত তেওঁলোকে আদালতৰ মজিয়াত মুখ থেকেচা খালহেঁতেন বুলি উল্লেখ কৰি এনে কাৰণতে তেওঁক মুকলি কৰি দিবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd