• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু কিমান প্ৰমাণ লাগে?-মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ ডি ৱাই এফ আইৰ মুকলি প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 2:57 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। ফাইল ফটো।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ বাবে যোৱা ১৩ মাৰ্চত  অনুষ্ঠিত পৰীক্ষাত উকা বহী জমা দি পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা বুলি এজন বিশেষভাৱে সক্ষম যুৱকে গুৰুতৰ অভিযোগ আনিছে। যুৱকজনে পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনটোৰ নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি অনিয়মৰ বিৱৰণ সামাজিক মাধ্যমত দাঙি ধৰিছে। এনে ঘটনাই অসম চৰকাৰৰ অধীনত চলি থকা নিযুক্তি প্ৰক্ৰিয়াত যে চৰম ভেকোভাওনা হৈছে তাক ক্ৰমাৎ পোহৰলৈ আনিব ধৰিছে।

অসম চৰকাৰৰ বিভিন্ন বিভাগত দুৰ্নীতিয়ে যে গভীৰতালৈ শিপাইছে সেয়া এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে। ইয়াৰ বাবে সঠিক আৰু নিৰপেক্ষ তদন্ত অতি জৰুৰী। ভুক্তভোগী প্ৰাৰ্থীয়ে নিজৰ অভিজ্ঞতাৰে অভিযোগ বৰ্ণনা কৰাৰ পাছত অসম চৰকাৰ আৰু আৰক্ষী বিভাগক কি প্ৰমাণ লাগে বুলি ডি ৱাই এফ আইয়ে প্ৰশ্ন কৰিছে।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ আশীৰ্বাদ! ক্ৰমে সম্পদ কমি গৈছে জেফ বেজোছ, এলন মাস্কৰ, বিপৰীতে ধনী হৈ গৈ আছে মুকেশ আম্বানী, গৌতম আদানী

Apply Now

ৰাজ্যৰ প্ৰতিটো বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াতে গুৰুতৰ অনিয়ম আৰু পক্ষপাতিত্ব হোৱাৰ প্ৰবল  সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

সংগঠনটোৱে কয়, ‘’এনে অভিযোগৰ সঠিক তদন্ত কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীক আৰক্ষীৰ ভয়-ভাবুকি, শাসক দলৰ নেতা-মন্ত্ৰীৰ  ভাবুকি আৰু অভিযোগকাৰীৰ চৰিত্ৰহননৰ দৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ই অতিকৈ নিন্দনীয় আৰু গৰিহণাযোগ্য।‘’

ডি ৱাই এফ আইয়ে এনে নিকৃষ্ট কাণ্ড বন্ধ কৰি অভিযোগবোৰৰ সঠিক তদন্তৰ দাবী কৰিছে।

অসম চৰকাৰৰ অধীনত হোৱা প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়াতে গুৰুতৰ অনিয়ম হোৱাৰ অভিযোগ ক্ৰমাগতভাৱে আহিব ধৰিছে। ভিক্টৰ দাস নামৰ যুৱকজনে ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম হোৱা বুলি অভিযোগ কৰাৰ পাছতে তেওঁক দাগী অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈছে। চৰকাৰ আৰু পুলিচ প্ৰশাসনে অনিয়মৰ অভিযোগ অস্বীকাৰ কৰি থকাৰ সময়তে আৰক্ষীয়ে ৭ জনকৈ দালালক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে। এই দালাল কেইটাই জলসিঞ্চন বিভাগত নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল। এইখিনি সময়তে সকলোকে আচৰিত কৰি খোদ বিজেপি দলৰ সভাপতি তথা পূৰ্বৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ বিৰুদ্ধেই  টকাৰ বিনিময়ত জলসিঞ্চন বিভাগত চাকৰি দিয়াৰ প্ৰলোভন দিয়া বুলি এগৰাকী যুৱতীয়ে গুৰুতৰ অভিযোগ আনিছে।

লগতে পঢ়ক: Dalit Sisters Found Hanging কি হৈছে যোগীৰ ৰাজ্যত, লখিমপুৰ খেৰীত পুনৰ ধৰ্ষণকাণ্ড! গছত ওলমি থকা অৱস্থাত উদ্ধাৰ দুই নাবালিকা ভগ্নীৰ মৃতদেহ

এনেদৰে এটাৰ পাছত এটাকৈ প্ৰতিদিনে ওলাই থকা দুৰ্নীতি-অনিয়মৰ খবৰে চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীৰ লগতে সাধাৰণ জনতাকো উদ্বিগ্ন আৰু হতাশ কৰি তুলিছে। অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে লোৱা ভুমিকা আৰু তেওঁলোকৰ বক্তব্যই লাখ লাখ যুৱক-যুৱতীক আশাহত কৰি তুলিছে। পৰীক্ষাৰ দিনত ইন্টাৰনেট কৰ্তন কৰি চমক দিব বিচৰা এইখন চৰকাৰৰ দিনত দুৰ্নীতি আৰু অনিয়মৰ পদ্ধতিহে যে পৰিৱৰ্তন হৈছে সেয়া শেহতীয়া অভিযোগবোৰে ইংগিত দিছে।

পূৰ্বৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সলনি এতিয়া উকা অ’এম আৰ (OMR Sheet) শ্বীট জমা দিয়ে। যি অ’ এম আৰ শ্বীটত দালাল চক্ৰই শুদ্ধ উত্তৰ বহুৱাই ভাল নম্বৰ পোৱাই দিয়াৰ সম্ভাৱনা থাকে। এনে অতি সুক্ষ্ম পৰ্যায়ৰ দুৰ্নীতি আৰু অনিয়ম ধৰা পেলাবলৈ হ’লে চৰকাৰৰ সদিচ্ছা আৰু আৰু আৰক্ষীৰ নিৰপেক্ষ তদন্ত অতি জৰুৰী।

লগতে পঢ়ক:  চন্দ্রবিন্দুৰ কথা

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই কাম কৰিব পাৰিবনে ? ডি ৱাই এফ আইয়ে দাবী কৰিছে গোটেই নিযুক্তি প্ৰক্ৰিয়াত উত্থাপিত অভিযোগবোৰৰ তদন্তৰ বাবে এখন বিশেষ নিৰপেক্ষ আয়োগ গঠন কৰক। ৰাজনৈতিক হস্তক্ষেপে যাতে এনে আয়োগৰ কাম-কাজত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd