অসমৰ সাংস্কৃতিক জগতৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত ইভেণ্ট মেনেজাৰ শ্যামকানু মহন্তৰ সংগঠিত আৰ্থিক অপৰাধৰ অভিযোগ আৰু বেনামী সম্পত্তি অধিগ্ৰহণৰ তদন্তত বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু আয়কৰ বিভাগে অসম আৰক্ষীৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে।
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মহন্তই পূর্বে নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী (এন বি এফ চি)ত চাকৰিৰ সময়ত সংঘটিত কৰা ২০ বছৰতকৈও অধিক পুৰণি আর্থিক অনিয়মৰ উন্মোচন কৰিছে৷
পিটিআইৰ সূত্ৰ অনুসৰি ইডি আৰু আই-টি বিভাগৰ বিষয়াসকলে ইতিমধ্যে গোচৰটো চোৱাচিতাৰ বাবে চিআইডিৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰি গৈছে।
নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক মহন্তৰ বিৰুদ্ধে “সংগঠিত আৰ্থিক অপৰাধ” আৰু “ধন সৰবৰাহৰ জৰিয়তে বিপুল পৰিমাণৰ বেনামী সম্পত্তি আহৰণ”ৰ অভিযোগত অসম আৰক্ষীয়ে সুকীয়া তদন্ত আৰম্ভ কৰিছে।
সূত্ৰসমূহৰ মতে, ‘ইডি আৰু আই-টি বিভাগে চিআইডিৰ কাৰ্যালয় পৰিদৰ্শন কৰি জ্যেষ্ঠ বিষয়াৰ সৈতে এই গোচৰৰ বিষয়ে আলোচনা কৰিছে। তেওঁলোকে চিআইডিৰ সৈতে তদন্তত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু অতি সোনকালে এই সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্ত আহিব পাৰে।’
যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত অভিযান চলোৱাৰ সময়ত চি আই ডিয়ে শ্যামকানু মহন্তৰ ঘৰৰ পৰা অপৰাধমূলক নথি-পত্ৰ আৰু সামগ্ৰীৰ বাণ্ডিল জব্দ কৰে। যাৰ ভিতৰত আছে একেটা ফাৰ্মৰ নামত একাধিক পেন কাৰ্ড, বিভিন্ন কোম্পানী আৰু চৰকাৰী বিষয়াৰ প্ৰায় ৩০টা ষ্টাম্প-ছীলৰ লগতে কেইবাটাও বেনামী সম্পত্তিৰ সৈতে জড়িত নথি-পত্ৰ।
অৱশ্যে এই মুহূৰ্তত জনসাধাৰণৰ মাজত অধিক তথ্যই তদন্ত বিপন্ন কৰিব পাৰে বুলি সূত্ৰটোৱে অধিক সবিশেষ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে।
শ্যামকানু মহন্তৰ কথিত বিত্তীয় অনিয়মৰ বিৰুদ্ধে ইডি আৰু আই-টি বিভাগে তদন্তত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত চিআইডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই পিটিআইক কয়, “মই তেওঁলোকৰ হৈ কোনো মন্তব্য দিব নোৱাৰো। সিদ্ধান্ত লোৱাটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিছে।”
জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ যোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তকে ধৰি প্ৰায় ১০ জনৰ বিৰুদ্ধে ৰাজ্যজুৰি ৬০খনতকৈও অধিক এফআইআৰ দাখিল কৰাৰ পিছতে বৰ্তমান চিআইডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।
নাম প্ৰকাশ নকৰাৰ চৰ্তত আন এক সূত্ৰই জানিবলৈ দিয়া মতে, ২০ বছৰতকৈও অধিক পুৰণি, নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড (নেডফি)ৰ সহকাৰী মহাপ্ৰবন্ধক হিচাপে কাম কৰি থকা সময়ত শ্যামকানু মহন্তই বিত্তীয় অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে চি আই ডিয়ে।
‘তদন্তৰ সময়ত দেখা গৈছে যে তেওঁ দুজন জিএমৰ সৈতে মিলি ডিএছএছ ই-কানেক্ট লিমিটেড নামৰ কোম্পানী এটাক অসমত কল চেণ্টাৰ খোলাৰ বাবে ১৪ কোটি টকাৰো অধিক ঋণ দিছিল। মুঠ ধনৰ ভিতৰত ২০০১ চনত ৮.৪২ কোটি টকা আৰু ২০০৩ চনত ৬ কোটি টকা প্ৰদান কৰা হৈছিল।’
২০০৩ চনলৈকে যেতিয়া ঋণ পৰিশোধ কৰিবলৈ কোনো ইএমআই দিয়া হোৱা নাছিল, তেতিয়া নেডফিয়ে আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছিল যদিও সেয়া কেতিয়াও সম্পূৰ্ণ হোৱা নাছিল বুলি সূত্ৰটোৱে জনায়।
কোৱা হৈছে, ‘মহন্তই সমগ্ৰ কামটোৰ প্ৰজেক্ট মেনেজাৰ আছিল। ২০০৪ চনত তেওঁ নেডফিৰ পৰা পদত্যাগ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ লিজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ (আইএল এণ্ড এফএছ)ৰ ভাইচ-প্ৰেছিডেন্ট হিচাপে যোগদান কৰে। পিছলৈ তেওঁ সেই চাকৰিটোও এৰি নিজাকৈ ইভেণ্ট মেনেজমেণ্ট ফাৰ্ম ট্ৰেণ্ড এমএমএছ আৰম্ভ কৰে।’
যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় জুবিন গাৰ্গৰ। শ্যামকানু মহন্ত আৰু তেওঁৰ কোম্পানীয়ে আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁ দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখনলৈ গৈছিল।
যোৱা সপ্তাহত মহন্তৰ ঘৰত চলোৱা তালাচী অভিযানৰ পৰা চি আই ডিৰ দলটোৱে তেওঁৰ ইভেণ্ট মেনেজমেন্ট কোম্পানী ‘ট্ৰেণ্ড এম এম এছ’ৰ নামত দুখন পেন কাৰ্ড জব্দ কৰে।
তদুপৰি, তেওঁৰ কাৰ্যালয় চৌহদৰ পৰা ২৮টা ছীল-মোহৰ উদ্ধাৰ কৰা হয়। ইয়াৰ ভিতৰত আছিল বিভিন্ন কোম্পানী আৰু বহু চৰকাৰী বিষয়াৰ নামত থকা ছীল।
মহন্তৰ বাসগৃহ আৰু কাৰ্যালয় চৌহদৰ ভিতৰত অসমৰ বিভিন্ন জিলাৰ লগতে অৰুণাচল প্ৰদেশতো পিএমজিএছৱাই আঁচনিৰ অধীনত পথ নিৰ্মাণ সম্পৰ্কীয় কেইবাখনো নথি-পত্ৰ উদ্ধাৰ কৰা হয়।




