• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭.৯৪ কোটিৰ সম্পত্তিৰ পাহাৰ: নিলম্বিত এচিএছ বিষয়া সুকন্যা বৰাৰ বিৰুদ্ধে বিশেষ আদালতত ইডিৰ অভিযোগনামা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:41 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা অসম অসামৰিক সেৱাৰ (ACS) বিষয়া সুকন্যা বৰাৰ বিৰুদ্ধে ইডিৰ ধন বিৰোধীকৰণ আইন (PMLA), ২০০২ ৰ অধীনত অসমৰ বিশেষ আদালতত এক অভিযোগনামা দাখিল কৰিছে। ৭.৯৪ কোটি টকাৰ অস্বাভাৱিক সম্পত্তি আহৰণৰ অভিযোগত ইডিৰ গুৱাহাটী মণ্ডল কাৰ্যালয়ে এই গোচৰ ৰুজু কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুৰ্নীতি নিবাৰণ আইন, ১৯৮৮ৰ অধীনত পূৰ্বে সুকন্যা বৰাৰ বিৰুদ্ধে নিজৰ জ্ঞাত আয়ৰ উৎসতকৈ অধিক সম্পত্তি আহৰণ কৰাৰ অভিযোগত এক প্ৰাথমিক এজাহাৰ ৰুজু কৰিছিল। এই এজাহাৰৰ ভিত্তিতেই ইডিয়ে নিজৰ তদন্ত আৰম্ভ কৰে। কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত অৱস্থাত গ্ৰেপ্তাৰ হোৱা বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে আৰু বৰ্তমান বিশেষ আদালতত ইয়াৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে।

Apply Now

ইডিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২০১৫ চনত মাত্ৰ ৩৮,০০০ টকাৰ দৰমহাত অসম অসামৰিক সেৱাত যোগদান কৰা সুকন্যা বৰাই ২০১৭ চনৰ মাৰ্চৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰায় ৭.৯৪ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি গোটাবলৈ সক্ষম হৈছিল। তদন্তকাৰী সংস্থাটোৱে দাবী কৰা মতে, এই সম্পত্তি তেওঁৰ জ্ঞাত আয়ৰ তুলনাত ৭৮৬.২৬ শতাংশ অধিক। হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকে ধৰি বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বৰাই নামজাৰি, পঞ্জীয়ন আৰু ভূমি ক্ৰয়-বিক্ৰয়ৰ অনুমতিৰ দৰে কামৰ বিনিময়ত সাধাৰণ ৰাইজৰ পৰা অবৈধ ধন সংগ্ৰহ কৰিছিল।

অবৈধভাৱে উপাৰ্জন কৰা এই ধনসমূহ বেনামী লেনদেন, পৰিয়ালৰ সদস্যৰ বেংক একাউণ্টৰ জৰিয়তে সৰবৰাহ আৰু এখন চেলুনৰ ব্যৱসায়ৰ জৰিয়তে বৈধ কৰাৰ চেষ্টা চলাইছিল বুলি তদন্তত পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে ইডিয়ে ধন ৰবিৰোধীকৰণ আইনৰ অধীনত সুকন্যা বৰাৰ প্ৰায় ৭.৩৩ কোটি টকাৰ সম্পত্তি অস্থায়ীভাৱে বাজেয়াপ্ত কৰিছিল, যিটো পৰৱৰ্তী সময়ত নতুন দিল্লীৰ নিৰ্ণয়কাৰী কৰ্তৃপক্ষই নিশ্চিত কৰিছিল। এই বাজেয়াপ্ত কৰা সম্পত্তিসমূহৰ ভিতৰত মৰিগাঁও, গুৱাহাটীৰ বাঘৰবাৰী আৰু হাতীগাঁৱৰ মাটি, জয়ানগৰৰ এটা ফ্লেট আৰু প্ৰায় ৬৫.৫৪ লাখ টকা জমা থকা এটা বেংক একাউণ্ট অন্তৰ্ভুক্ত আছে। বিষয়াগৰাকীৰ বিত্তীয় অপৰাধ সন্দৰ্ভত ইডিয়ে বৰ্তমান অধিক তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd