• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোৱা ছবছৰত ৫০০০ৰো অধিক লোকৰ বিৰুদ্ধে ইডিৰ তদন্ত: দোষী সাব্যস্ত হোৱাৰ হাৰ ৯৪ শতাংশ বুলি সংসদত তথ্য প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2026 7:57 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সক্ৰিয়তাক লৈ শেহতীয়াকৈ সংসদত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। বিৰোধী দলসমূহে প্ৰায়ে ইডিৰ কাৰ্যকলাপক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ উত্থাপন কৰি আহিছে যদিও চৰকাৰী তথ্যই সংস্থাটোৰ সফলতাৰ এক বিপৰীত ছবিহে দাঙি ধৰিছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ছবছৰত ইডিয়ে আৰ্থিক খেলিমেলি আৰু দুৰ্নীতিৰ অভিযোগত ৫ হাজাৰৰো অধিক গোচৰ ৰুজু কৰিছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে যিবোৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, সেইসমূহৰ ভিতৰত দোষী সাব্যস্ত হোৱাৰ হাৰ প্ৰায় ৯৫ শতাংশৰ ওচৰা-উচৰি।

মঙলবাৰে ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে ২০২০ চনৰ পৰা বৰ্তমানলৈকে ইডিয়ে আৰ্থিক অপব্যৱহাৰৰ মুঠ ৫,১৫৮টা গোচৰ ৰুজু কৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা বছৰেকীয়া হিচাপ অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ৯৯৬টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষত ইয়াৰ সংখ্যা আছিল ১,১১৬টা। একেদৰে ২০২২-২৩ বৰ্ষত ৯৫৩টা, ২০২৩-২৪ বৰ্ষত ৬৯৮টা, ২০২৪-২৫ বৰ্ষত ৭৭৫টা আৰু চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষত এতিয়ালৈকে ৬২০টা গোচৰ ৰুজু কৰা হৈছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে বিগত কেইবছৰমানত আৰ্থিক অপৰাধৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাটোৱে নিৰন্তৰ অভিযান চলাই আহিছে।

Apply Now

ইডিয়ে কেৱল গোচৰ ৰুজু কৰাই নহয়, আদালতত দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰতো অভূতপূৰ্ব সাফল্য লাভ কৰিছে বুলি মন্ত্ৰালয়ে দাবী কৰিছে। পংকজ চৌধুৰীয়ে জনোৱা মতে ২০২০-২১ বৰ্ষৰ পৰা এতিয়ালৈকে ইডিয়ে ৪৩টা গোচৰত সফলতা লাভ কৰিছে য’ত পিএমএলএ আইনৰ অধীনত ১০৪জন অভিযুক্তক আদালতে দোষী সাব্যস্ত কৰিছে। বিশেষকৈ ২০২৩-২৪ বৰ্ষত দোষী সাব্যস্ত হোৱাৰ সংখ্যা আছিল আটাইতকৈ বেছি। চৰকাৰী তথ্য অনুসৰি বিশেষ আদালতে এতিয়ালৈকে মুঠ ৫৮টা বিত্তীয় জালিয়াতিৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰিছে। ইয়াৰে ৫৫টা গোচৰৰ ১৫৫জন অভিযুক্তক ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে।

এই সমগ্ৰ তথ্য বিশ্লেষণ কৰি বিত্ত মন্ত্ৰালয়ে জনায় যে বৰ্তমানলৈকে নিষ্পত্তি হোৱা গোচৰসমূহৰ ভিতৰত দোষী সাব্যস্ত হোৱাৰ হাৰ হৈছে ৯৪.৮২ শতাংশ। বিৰোধীৰ ৰাজনৈতিক আক্ৰমণৰ মাজতে চৰকাৰে এই উচ্চ হাৰৰ সফলতাৰ তথ্য দাঙি ধৰি সংস্থাটোৰ নিৰপেক্ষতা আৰু কাৰ্যক্ষমতাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছে। মন্ত্ৰালয়ৰ মতে সংস্থাটোৰ এই সক্ৰিয়তাই দেশৰ আৰ্থিক ব্যৱস্থাত স্বচ্ছতা অনাৰ লগতে দুৰ্নীতিগ্ৰস্তসকলৰ মনত ভয়ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd