• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ডিমা হাচাওত কি হৈছে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 18, 2022 2:39 pm
Dima Hasao flood
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি নিউ হাফলং ৰে’ল ষ্টেচনৰ ছবিবোৰ দেখিছেনে? এখন্তেক চাওকচোন এই ছবিবোৰ!দেখিছেনে বোকা পানীয়ে এফালৰ পৰা সকলো কেনেকৈ মহতীয়াই নিছে! খবৰ আহিছে পাহাৰৰ মাটি খহি ৫৩ ঠাইত ৰে’লপথ ওলমি আছে৷

কিমান মানুহ মৰিছে? বুলড্ৰ’জাৰেৰে খান্দি কেইবাদিনৰ মূৰত কেইবাটাও মানুহৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ এতিয়ালৈ কিমান মানুহ মৰিছে? কিমান সা-সম্পত্তিৰ হানি হৈছে? তাৰ কোনো সঠিক হিচাপ নাই৷

Apply Now

প্ৰশ্ন হয়- এইটো কি এটা আকস্মিক প্ৰাকৃতিক দুৰ্যোগ? নে ইয়াৰ লগত অইন কিবা কথাও জড়িত হৈ আছে? ইয়াৰ লগত উন্নয়নৰ, বিকাশৰ কিবা সম্পৰ্ক আছে নেকি? এই বিকাশ বস্তুটো কি? ইয়াৰ লগত আমাৰ ইতিহাস, ভূগোল, বুৰঞ্জী, জলবায়ু আনকি সংস্কৃতিৰো কিবা সম্পৰ্ক আছে নে নাই?

প্ৰথম প্ৰশ্ন বিকাশৰ উদ্দেশ্য কি? এখন সমাজৰ বেছিভাগ মানুহৰ জীৱনৰ গুণগত মান উন্নত কৰা৷ এই গুণগত মান উন্নয়নৰ অৰ্থ সেৱা আৰু সামগ্ৰীৰ অসীম ভোগ নে এটা সুস্থ, সবল, নিৰোগী দেহ আৰু আত্ম-পৰিচয় আৰু নিজস্ব বিশ্বাসেৰে মুক্তভাবে,স্বাধীনভাবে মানসিক শান্তিৰে জীয়াই থকাৰ অধিকাৰ?

প্ৰথম প্ৰশ্ন- সেৱা আৰু সামগ্ৰীৰ নিৰ্বিচাৰ আৰু অসীম ভোগ, উপভোগৰ লগত বহনক্ষম বিকাশৰ ধাৰণাটো খাপ খাইনে? ভোগ আৰু সুখ বা মানসিক শান্তি একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি নেকি? এটা কথা ঠিক যে আধুনিক প্ৰযুক্তি আৰু উৎপাদন পদ্ধতি বা প্ৰক্ৰিয়াৰ যোগেদি মানুহৰ ভোগৰ বাবে অভূতপূৰ্বভাবে সেৱা আৰু সামগ্ৰী উৎপাদন কৰা হৈছে৷

কিন্তু পৃথিৱীৰ সকলো মানুহে সমানে এই সেৱা আৰু সামগ্ৰীবোৰ উপভোগ কৰিব পাৰিছেনে? নাই পৰা। কেনেকৈ পাৰিব, এতিয়া এক শতাংশ মানুহৰ হাতত পৃথিৱীৰ ৬৯% সম্পদ আৰু বাকী ৯৯% মানুহৰ হাতত মাত্ৰ ৩১% সম্পদ৷ এনে অৰ্থনৈতিক বিসংগতি আৰু অসমতাত সকলোৱে সেৱা আৰু সামগ্ৰীৰ ভাগ সমানে পোৱাৰ প্ৰশ্নই নুঠে৷

এই এক শতাংশ মানুহে যে প্ৰায় ৭০% সম্পদৰ গৰাকী হৈছে, ইয়াত প্ৰয়োজনৰ কথা আছে নে লাভৰ কথা আছে? নিঃসন্দেহে ই লাভৰ কথা৷ ই ক্ষমতা নিজৰ হাতত, নিজৰ নিয়ন্ত্ৰণত ৰখাৰ কথা৷ অৰ্থনীতি, ৰাজনীতি নিজৰ নিয়ন্ত্ৰণত ৰখাৰ কথা৷

আৰু এটা কথা, ভোগ, ভোগ আৰু ভোগ, মানে অসীম ভোগৰ কিবা জানো প্ৰয়োজন আছে? নাই৷ আচলতে, আগতে উল্লেখ কৰা ধৰণে আমাৰ প্ৰয়োজন এক সুস্থ,সবল নিৰোগী দেহ, আত্ম-পৰিচয় আৰু নিজস্ব বিশ্বাসেৰে স্বাধীনভাবে মানসিক শান্তিৰে জীয়াই থকাৰ অধিকাৰ৷

সেইটো হ’বলৈ হ’লে, সেই এক শতাংশ মানুহে বিচৰা ধৰণৰ বিকাশৰ আৰ্হিৰ পৃথিৱীৰ সকলো ঠাইতে সমানে প্ৰয়োজন নাই৷ সেই কাৰণেই আমাৰ বিকাশৰ লগত আমাৰ ইতিহাস, ভূগোল,বুৰঞ্জী,জলবায়ু আনকি সংস্কৃতিৰো সম্পৰ্ক থাকিব লাগিব৷সেই কাৰণেই গুৰগাঁৱৰ বিকাশৰ আৰ্হি ডিমা হাচাওৰ বিকাশৰ আৰ্হিৰ লগত একে হ’ব নোৱাৰিব,নালাগিব৷

নিউ য়ৰ্কৰ বাৰ্ড কলেজৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক সঞ্জীৱ বৰুৱাৰ সেই তাহানিতে, ২০০৫ চনত প্ৰকাশিত তেওঁৰ “Durable Disorder“ নামৰ কিতাপৰ “Nationalising Space: Cosmetic Federalism and the Politics of Development“ নামৰ অধ্যায়টোত এইবোৰ কথা সবিস্তাৰে আলোচনা কৰিছিল৷

নিৰ্মাণৰ নামত পাহাৰ কাটি, প্ৰকাণ্ড প্ৰকাণ্ড পথ, দলং সজাৰ নামত গছ কাটি, বিদ্যুৎ উৎপাদনৰ নামত বৃহৎ নদী বান্ধ কৰি, সৰ্বোপৰি অপাৰ ভোগৰ বাবে, লাভৰ লালসাত নদী খান্দি, গছ বন কাটি আমাৰ বন্যভূমি জেৰজেৰীয়া কৰি পেলোৱা হ’ল।

ডিমা হাচাওৰ আজি যি হৈছে কাইলৈ সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰে সেই অৱস্থা হ’ব পাৰে৷ হাজাৰ হাজাৰ বছৰৰ পিছত একোটা অঞ্চলত এটা ভৌগোলিক পৰিবেশ গঢ়ি উঠে৷ তাৰ জলবায়ু আৰু পৰিবেশৰ লগত মিলা মানুহৰ এক সাংস্কৃতিক জীৱনধাৰা গঢ়ি উঠে৷

তেনে স্থলত, কোনো বাচ বিচাৰ নকৰাকৈ ওপৰৰ পৰা বিকাশৰ আৰ্হি এটা যদি জাপি দিয়া হয়, সি গোটেই প্ৰাকৃতিক পৰিবেশটো তচনচ কৰি অঞ্চলটোৰ মানুহৰ জনজীৱন স্তব্ধ কৰি নিদিব নে? আজি ডিমা হাচাওত কি হৈছে? প্ৰকৃতিৰ কি অপূৰ্ব লীলা ভূমি আছিল অঞ্চলটো!

বাহিৰৰ বনীয়া, লোলোপ ৰাজনীতিক আৰু স্থানীয় দালালে লগ লাগি কি কৰিলে? হাবি কাটি তহিলং কৰিলে৷ কিয় আমি কেইবছৰমান আগতে ডিমা হাচাওৰ এহেজাৰ কোটি টকীয়া কেলেঙ্কাৰীৰ কথা শুনা নাছিলোঁ জানো? এতিয়া হেনো নৈও খান্দিছে শিল আৰু বালিৰ বাবে৷ তাকো কৰিছে ট্ৰেক্টৰ লগায়৷ গছ-গছনি যদি গ’ল, পাহাৰ যদি খহাই পেলোৱা হ’ল, নদী যদি খান্দি পেলোৱা হ’ল, তেন্তে ডিমা হাচাও থাকিল ক’ত?

যি হাৰত এতিয়া উত্তৰপূব ভাৰতত বিকাশৰ ৰথ চলোৱা হৈছে, তাৰ গতি যদি স্তব্ধ নহয়, এদিন হয়তো আমাৰ সকলোৰে ডিমা হাচাওৰ দৰে অৱস্থা হ’ব পাৰে৷ বহনক্ষম বিকাশৰ ঠাই যদি নিৰ্মাণ-বলীয়া নীতিয়ে লয় আমি সকলো নিগমে মৰিম৷ এইবোৰ চিন্তা আমি কৰিব লাগিব৷ কিন্তু, এই মুহূৰ্তত চৰকাৰৰ আৰু আমাৰ সকলোৰে দায়িত্ব ডিমা হাচাওৰ জনসাধাৰণক সহায় কৰা৷ তেওঁলোক বৰ বিপদৰ সন্মুখীন হৈছে৷

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd