• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 24, 2022 6:16 pm
batadrava case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বটদ্ৰৱাত কি ঘটিছে? বটদ্ৰৱা পুলিচ থানাৰ পুলিচে পোণা মাছৰ বেপাৰ কৰা মানুহ এজনক গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁৰ অপৰাধ কি আছিল, কিয় তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল সেইটো এই পৰ্যন্ত আমি নাজানো৷ আৰক্ষী সঞ্চালক প্ৰধানে মানুহজন নিচাগ্ৰস্তহৈ বাচৰ চিটত শুই থকা ছবি এখনো দেখুৱাইছে৷ সুৰাপান কৰাৰ অপৰাধৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল নেকি? তাৰ পিছত শুনিবলৈ পোৱা গৈছে পুলিচে হেনো তেওঁক এৰি দিয়াৰ বাবদ তেওঁৰ পৰিয়ালৰ পৰা দহ হেজাৰ টকা আৰু এটা হাঁহ বিচাৰিছিল৷ পুলিচে বিচৰা মতে দহ হেজাৰ টকা দিব নোৱৰা বাবে মানুহজনক মৰিয়াই মৰিয়াই মাৰি পেলোৱা হ’ল৷ মানুহজন পুলিচৰ জিম্মাতে মৰি থাকিল৷

এই ভাষ্যটোৰ বিপৰীতে এতিয়ালৈকে পুলিচে একো কোৱা নাই৷ আনকি পুলিচে তেনে কিবা কৰিলেও তেওঁ আচৰিত নহ’ব বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে পৰোক্ষভাবে পুলিচৰ বিৰুদ্ধে উঠা অভিযোগটো যেন মানিহে লৈছে৷ মানুহজন পুলিচৰ জিম্মাত মৰি থাকিল৷ তেওঁৰ পৰিয়ালৰ মানুহ,অঙহী-বঙহী ক্ৰোধ আৰু ক্ষোভত জ্বলি উঠি পুলিচ থানাখন জ্বলাই দিলে৷

Apply Now

পৰিয়াল আৰু আত্মীয় স্বজনৰ ক্ৰোধ,ক্ষোভ আমি বুজিব পাৰো বা বুজিবলৈ চেষ্টা কৰিব পাৰোঁ৷ কিন্তু, তেওঁলোকে আইন নিজৰ হাতত লৈ পুলিচ থানাখন জ্বলাই দিয়া কাৰ্যটো আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ৷ ই আইন বিৰুদ্ধ৷
তাৰ পিছত আমি কি দেখিলোঁ? তাৰ পিছত আমি দেখিলোঁ যে যিসকল লোকক পুলিচ থানাখন জ্বলোৱা বুলি সন্দেহ কৰা হৈছিল- তেওঁলোকৰ ঘৰ বুলডজাৰ লগাই ভাঙি পেলোৱা হ’ল৷ এইটো আকৌ কেনে কথা?

পুলিচৰ জিম্মাত মানুহজন কেনেকৈ ঢুকাল তাৰ বিচাৰ হ’ব লাগে৷ যিবোৰ মানুহে পুলিচ থানাখন জ্বলাই দিলে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব লাগে৷ তেওঁলোকে যথোপযুক্ত শাস্তি পাব লাগে৷ তাত কাৰো আপত্তি থকাৰ কথা নহয়৷ কিন্তু, যিসকল মানুহে থানাখন জ্বলাই দিয়া বুলি সন্দেহ কৰা হৈছে তেওঁলোকৰ ঘৰ ভাঙি দিয়া হ’ল৷ এই কামটো পুলিচে কি নিয়ম মানি কৰিলে? পুলিচ থানাখন উগ্ৰ,উন্মত্ত মানুহবোৰে জ্বলাই দিবলৈ উদ্যত হওঁতে তেওঁলোকক যদি পুলিচে বাধা দিলেহেঁতেন৷ পুলিচ থানাখন ৰক্ষা কৰিবলৈ বা আত্মৰক্ষাৰ কাৰণে পুলিচে যদি বন্দুক চলালেহেঁতেন, সেইটোও বেলেগ কথা আছিল৷

কিন্তু, ঘটনা ঘটি যোৱাৰ পিছত,ঠাণ্ডা মগজুৰে সিদ্ধান্ত লৈ প্ৰশাসনে কেনেকৈ কোনখন আইনৰ আধাৰত এই উচ্ছেদ চলালে সেইটোহে এটা আচৰিত কথা৷ তাতোকৈ আচৰিত কথা, এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা ভাষ্যটো৷ বাতৰিকাকতত প্ৰকাশিত তেওঁৰ ভাষ্যটো হৈছে- যি সকল লোকে অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ আৰু আইনসংগত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ তাৰ আগতে এই কামটো বাংলাদেশী লোকৰ প্ৰৰোচনাত হোৱা বুলি তেওঁ মন্তব্য কৰিছে৷

বাংলাদেশীৰ প্ৰৰোচনা আৰু উচ্ছেদ- মুখ্যমন্ত্ৰীয়ে তৎক্ষণাত এইটো বাংলাদেশী লোকৰ প্ৰৰোচনাত ঘটা ঘটনা বুলি যে ক’লে, তাৰ কোনো প্ৰমাণ তেওঁৰ হাতত আছেনে? অইন মতলববাজ মানুহৰ কথা নকওঁ, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এজনে এনেকুৱা কথা কোৱাটো কেনে কথা? গৰুখুঁটিত যে উচ্ছেদ চলোৱা হৈছিল, তেতিয়াও সেই মানুহবোৰক বিদেশী বাংলাদেশী বুলি অপযশ দিয়া হোৱা নাছিল জানো? তাৰ পিছত কি হ’ল? সেই মানুহবোৰ দেশী বুলি প্ৰমাণ হ’লত তেওঁলোকক অইন ঠাইত মাটি আৱন্টন দিয়া নহ’ল জানো?

একাংশ মানুহে যেনেকৈ নিজৰ সংস্কাৰ আৰু গোড়ামিৰ বাবে এচাম লোকক হোৱাই নোহোৱাই বাংলাদেশী বুলি অপযশ দিয়ে, ঠিক তেনেদৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এজনে এনে কথা কোৱাটো কিমান বিপজ্জনক কথা?

সমগ্ৰ ঘটনাটোৰ তিনিটা দিশ স্পষ্ট – মানুহজনৰ গ্ৰেপ্তাৰ, মানুহজনৰ পুলিচৰ হেফাজতত মৃত্যু আৰু পুলিচ থানাখন জ্বলাই দিয়া৷ এই তিনিওটাৰ নিৰপেক্ষ তদন্ত হওক৷ দোষীয়ে উচিত শাস্তি পাওক৷ তাকে নকৰি বাংলাদেশীৰ প্ৰৰোচনা বুলি কৈ সন্দেহযুক্ত অপৰাধীৰ ঘৰ ভাঙি দিয়াটো কেনে কথা? আইন কোনেও হাতত তুলি ল’ব নালাগে৷ কোনো কোনো ব্যক্তি বা উন্মত্ত জনতাই আইন হাতত তুলি লৈ বেআইনী কাম কৰে বাবেই তেনে কাম নিয়ন্ত্ৰণ কৰিবলৈ আইন-কানুন৷

কিন্তু,সেই আইন-কানুন যেতিয়া চৰকাৰে নিজে উলঙ্ঘা কৰে, তেতিয়া সাধাৰণ নাগৰিকে কাৰ মুখলৈ চাব? আৰু এটা কথা, হাঁহ বিচৰা বা টকা বিচৰা কামটোত পুলিচৰ লোক জড়িত হৈ পৰিলেও তেওঁ আচৰিত নহ’ব বুলি যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে মুকলিকৈ ক’লে সেইটোৱে কি বুজায়? তাৰমানে পুলিচে এই কাম কৰিবও পাৰে৷ তেন্তে? আৰু ইতিমধ্যে সেই পুলিচ থানাৰ পুলিচৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও লোৱা হৈছে৷ সেই বিষয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ গৃহ বিভাগে কি কয়?

শেহতীয়াভাবে থানা জ্বলোৱাত অভিযুক্ত সকলৰ বিৰুদ্ধে ইউ এ পি এ (বেআইনী কাৰ্যকলাপ প্রতিৰোধ আইন) প্ৰয়োগ কৰা হৈছে৷ কিন্তু তাৰ আগতে গোটেই ঘটনাটো অনুসন্ধান কৰি প্ৰতিবেদন দিবলৈ এটা এছ আই টি অৰ্থাৎ এক বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰা হৈছিল৷ এতিয়া এছ আই টিয়ে কি কৰিব?

লক্ষ্যণীয় কথা হ’ল- এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা আছিল বান সাহায্য, ডিমা হাচাও, ডলু চাহ বাগিছা আৰু শিলসাঁকোৰ উচ্ছেদ৷ এতিয়া সেইবোৰ তল পৰিল৷ বটদ্ৰৱাৰ ঘটনাটোহে ওপৰলৈ আহিল৷ কিয়নো ইয়াত বাংলাদেশীৰ ৰহণ দি আকৌ অসমত এক উত্তেজনা সৃষ্টিৰ কৰাৰ অৱকাশ ওলাল যিটো শাসকীয় দলটো আৰু তেওঁলোকৰ সাঙ্গোপাঙ্গ সকলে অনবৰতে বিচাৰিয়ে থাকে৷ ইতিমধ্যে তেওঁলোক এই কামত লাগি গৈছে৷ এইটোৱে হৈছে এতিয়া সকলো ঘটনাৰে কৰুণ পৰিণতি।কিন্তু আইনৰ শাসনত বিশ্বাসী সকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব লাগিব৷

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

July 14, 2026 10:56 am
আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

July 14, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd