• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মুছলমান সমাজৰ ঈদ বিশেষ খাদ্য সম্ভাৰ

নাজিয়া হাচান by নাজিয়া হাচান
August 11, 2019 8:11 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিকোনো সম্প্ৰদায়ৰ উৎসৱ সমূহত আনন্দ, উল্লাস, হাঁহি, ফূৰ্তিৰ লগতে খোৱা লোৱাৰ এক বিশেষ আয়োজন নিশ্চতভাৱে ৰখা হয়। বিশেষ কিছুমান খাদ্যৰ ৰেচিপি বহুতেই দৈনিক জীৱনত তৈয়াৰ কৰে যদিও উৎসৱৰ দিনবোৰত সেই ৰেচিপি সমূহৰ প্ৰাধান্য বেছি থাকে।

তেনে কিছুমান খাদ্য সম্ভাৰ, পৰিয়ালৰ সদস্য সকলে একেলগে মিলি উৎসৱৰ কেইদিনমান আগৰ পৰাই বনোৱাৰ প্ৰস্তুতি চলোৱা আমি সচৰাচৰ দেখিবলৈ পাওঁ। বহুতে উৎসৱ বুলি নতুন সাজ-পোছাকসমূহ পিন্ধি আনন্দ কৰাৰ দৰেই খোৱা লোৱাৰ যা-যোগাৰ বোৰতো সমানে গুৰুত্ব দিয়া দেখা পোৱা যায়।

Apply Now

বিশেষ খাদ্য সমূহৰ প্ৰস্তুতিত কেনেধৰনৰ ৰেচিপি ঈদৰ বিশেষ হিচাপে যোগাৰ কৰে তাৰে দুই এটা প্ৰস্তুতি এই লেখাটোত মই আগবঢ়াবলৈ বিচাৰিম। পবিত্ৰ ৰমজান মাহৰ সম্পূৰ্ণ ত্ৰিশটা দিন মুছলমান লোক সকলে ‘ৰোজা’ ৰখাৰ শেষত আৰবী মাহ চৱালৰ এক তাৰিখে পবিত্ৰ ঈদ উল ফিটৰ আৰু ৰমজান মাহৰ ঠিক দুমাহ দহ দিনৰ পিছত আৰবী মাহ জেলহজৰ দহ তাৰিখে ঈদ উদ জোহা হিচাপে পবিত্ৰ ঈদ উৎসৱ পালন কৰা হয়।

ঈদ বিশেষ খাদ্য বস্তু; তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাড়ু, সান্দহ আদি তৈয়াৰ কৰাৰ লগতে মুছলমান লোক সকলে তেওঁলোকৰ আৰু বহুতো ৰেচিপি উৎসৱ বিশেষ হিচাপে কমচেকম এসপ্তাহ দহ দিন আগৰ পৰাই প্ৰস্তুত কৰা দেখা পোৱা যায়।

ফুল পিঠা বা ৰং বিৰঙৰ চাউলৰ গুৰিৰে তৈয়াৰ কৰা পাপৰ, ঘৰত বনোৱা চাউলৰ গুড়ি বা মৈইদাৰে বনোৱা চেৱাই, ভীমকলেৰে তৈয়াৰ কৰা কল পিঠা, চাউলৰ গুড়ি দি বনোৱা মেৰা পিঠা, চাউলৰ আতাৰে বনোৱা ৰুটি ইত্যাদি ৰেচিপিসমূহ ঈদ বিশেষ ৰেচিপি হিচাপে খুব হেঁপাহেৰে ঘৰত তেওঁলোকে সকলোৱে মিলি তৈয়াৰ কৰে।

উপৰোক্ত বিভিন্ন ৰেচিপি সমূহৰ পৰা ফুল পিঠা বা ৰং বিৰঙী পাপৰ আৰু চাউলৰ ৰুটিৰ ৰেচিপি দুবিধ ঈদ বিশেষ হিচাপে বেছি উল্লেখনীয়।

সাধাৰণতে চাউলৰ গুৰিৰে বনোৱা পাপৰ বিধক জাল পিঠা বা ফুল পিঠা বুলিও কোৱা হয়। আঢ়ৈ চাউলৰ গুড়িত সামান্য পানী মিলাই তাত কিনিবলৈ পোৱা বিভিন্ন খোৱাৰ উপযোগি ৰংগুড়ি সমূহ যোগ কৰি (ৰং সমূহৰ ব্যৱহাৰ নকৰাকৈয়ো বনাব পাৰি) আতা মৰাৰ দৰেই মাৰি সামান্য ঢিলা কৈ এটা পেষ্ট বনোৱা হয়।

সেই পেষ্ট পৰিষ্কাৰ চিৰিঞ্জ এটাৰ ভিতৰত ভৰাই কলপাতৰ ওপৰত চিৰিঞ্জটোৰ সহায়েৰে বিভিন্ন আকাৰ দিয়া হয়। কলপাতৰ সৈতে সেই পিঠা সমূহ এখন ডাঙৰ কেৰাহীত কেৰাহীত সামান্য পানী দি তাৰ ওপৰত পৰিষ্কাৰ ধানখেৰ অলপ পানীখিনি ঢকাকৈ ৰাখি কেৰাহীখন জুইৰ ওপৰত ৰখা হয়।

খেৰখিনিৰ ওপৰদি ওলোৱা ভাপত পিঠাৰ কলপাত সমূহ সজাই কেৰাহীখন ঢাকোন মাৰি পিঠাবোৰ পাঁচ মিনিট মান সময় ভাপত দি সামান্যকৈ সিজাই লোৱা হয় আৰু সিজোৱাৰ পিছত চোকা ৰদত সেই পিঠা বা পাপৰ সমূহ দুই চাৰিদিন ভালকৈ শুকুৱাই বৈয়ামত ভৰাই থোৱা হয়।

উল্লেখনীয় কথা হ’ল, ইচ্ছা মতে বহু দিনলৈ সেই পিঠা সমূহ অলপো বেয়া নোহোৱাকৈ সেইদৰে ৰাখিব, তেলত ভাজি খাব পৰা যায়। এই পিঠা বা পাপৰ সমূহ ঈদত চেৱাই বা চাহৰ সৈতে খাবলৈ তৈয়াৰ কৰা বিশেষ ৰেচিপি সমূহৰ মাজৰ এবিধ অসাধাৰণ খাবলৈ আৰু দেখিবলৈয়ো ভাল লগা ৰেচিপি।

ঈদ উপলক্ষে বিশেষভাৱে তৈয়াৰ কৰা আন এবিধ বহুতৰে প্রিয় ৰেচিপি হৈছে চাউলৰ ৰুটি। এই ৰুটি আঢ়ৈ চাউলৰ গুড়ি কেৰাহীত সামান্য গৰমাই ভাজি ঠাণ্ডা কৰি ৰখা হয়। ইয়াৰ পাছত কেৰাহীত উতলাই ৰখা পানীত চাউলৰ গুড়ি খিনি দি লগে লগে চামুচৰ সহায়েৰে মিলাই আতা মৰাৰ দৰে মাৰি লোৱা হয়। আৰু ৰুটিৰ দৰেই বেলি টাৱাত সেকি চাউলৰ ৰুটি তৈয়াৰ কৰা হয়। ইয়াক ঈদত মাংসৰ তৰকাৰীৰ লগত খাবলৈ বনোৱা হয়।

ঈদ উপলক্ষে প্ৰস্তুত কৰা বিভিন্ন ৰেচিপি সমূহৰ ভিতৰত এই দুবিধ বিশেষ ৰেচিপি প্ৰণালীৰে এটি লেখা পবিত্ৰ ঈদ উদ জোহা উপলক্ষে আপোনাসবলৈ সাদৰেৰে আগবঢ়ালো আৰু লগতে সকলোকে ঈদ উদ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

নাজিয়া হাচান

নাজিয়া হাচান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd