কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ৪৮ ঘন্টা নিষেধাজ্ঞা আৰোপ কৰিছিল নিৰ্বাচনী আয়োগে।
ইয়াৰ পিছতে নিৰ্বাচনী আয়োগৰ ওচৰত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিঃচৰ্ত ক্ষমা ভিক্ষা মাগে।
হিমন্তৰ ক্ষমা আবেদনৰ ভিত্তিতে নিৰ্বাচন আয়োগে পূৰ্বে বান্ধি দিয়া ৪৮ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘণ্টালৈ হ্ৰাস কৰিলে নিৰ্বাচনী প্ৰচাৰৰ নিষেধাজ্ঞা।
অৰ্থাৎ ২৪ ঘণ্টা অতিক্ৰম কৰাৰ লগে লগে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ, ৰেলী, ৰোড শ্ব সকলো নিৰ্বাচনী প্ৰচাৰৰ কাম কাজ কৰিব পাৰিব মন্ত্ৰীগৰাকীয়ে।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ কালিলৈ সন্ধ্যা ৬ বজালৈকে চলিব। অৰ্থাৎ কাইলৈ দিনটো আৰু আজি কিছু সময়ৰ বাবে মন্ত্ৰীগৰাকীয়ে চলাব পাৰিব প্ৰচাৰ।
উল্লেখ্য ক্ষমতাৰ বলত বলীয়ান হৈ গুৰু গোসাঁই নমনা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হৈছিল নিৰ্বাচন আয়োগ।
হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছিল নিৰ্বাচন আয়োগে।
বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ বাবে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাৰ সন্মুখীন হৈছে প্ৰতাপী বিজেপি মন্ত্ৰীগৰাকী।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱাই কাৰাগাৰত নিক্ষেপ কৰাৰ ভাবুকি দিছিল।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল মিত্ৰজোঁটক নেতৃত্ব দিয়া কংগ্ৰেছ দলে।