NORTHEAST NOW (Assamese)

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

March 3, 2021 4:37 pm · চানু গগৈ
প্ৰতিনিধিত্বমূলক ছবি

মৰিগাঁও জিলা প্ৰশাসনে আসন্ন ২০২১ ৰ  বিধানসভা নিৰ্বাচনৰ বাবে এলানি প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

সেই অনুসৰি মঙলবাৰে  প্ৰিজাইদিং আৰু পলিং বিষয়া সকলক প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষণ দিয়া হয় ।

মৰিগাঁও মহাবিদ্যালয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাঁও উচ্চতৰ বহুমুখী বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা ১২-৩০ বজালৈ আৰু বিয়লি ১-৩০ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ ২০৭৬ গৰাকী প্ৰিজাইদিং আৰু পলিং বিষয়া সকলে অংশ গ্ৰহণ কৰাৰ লগতে ৮৩ গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে ।

বুধবাৰে  দ্বিতীয় আৰু তৃতীয় পলিং বিষয়া সকলৰ ওপৰত উল্লেখিত কেন্দ্ৰ সমূহত প্ৰশিক্ষণ কাৰ্য চলি আছে  ।

সেইদৰে ৪ মাৰ্চ, ৫ মাৰ্চ,  ৮ মাৰ্চ, ৯ মাৰ্চ আৰু ১৬ মাৰ্চ তাৰিখলৈ নিৰ্বাচনৰ বাবে নিয়োজিত বিভিন্ন বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী চলিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে  জানিবলৈ দিয়ে  ।

Related News