নিৰ্বাচনী হিংসাই উত্তপ্ত কৰি তুলিছে কাৰ্বি আংলঙৰ পৰিবেশ৷
কলিয়াবৰৰ সীমান্তৱৰ্তী চুছেনধেন্তা পৰিষদীয় সমষ্টিত নিশা ধন বিলোৱা ঘটনাক লৈ মাৰপিটৰ ঘটনা ঘটে। এই ঘটনাত এজন লোক গুৰুতৰ ভাবে আহত হয়।
ভোটদানৰ আগ নিশা কলিয়াবৰৰ সীমান্তৱৰ্তী১৭ নং চুছেনধেন্তা পৰিষদীয় সমষ্টিত সংঘটিত হয় নিৰ্বাচনী হিংসাৰ ঘটনা । বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ সমৰ্থকে নিশা ধন বিলোৱাৰ অভিযোগ কৰে ৰংবেংৱে গাঁওৰ ৰাইজৰ ।
ধনবিলোৱা লোক সকলক আবদ্ধ কৰিব খোজোঁতেই বিজেপি সমৰ্থক ব্ৰজেন তেৰাঙ , চেম ইংলেঙ আৰু লক্ষ্মীৰাম তেৰাং এ আক্ৰমণ কৰি এজন লোকক গুৰুতৰ ভাবে আহত কৰাৰ অভিযোগ উঠিছে৷
স্থানীয় ৰাইজে অভিযুক্তক আটক কৰিবৰ বাবে দাবী উত্থাপন কৰি ঘেৰাও কৰে ৰং বং ৱে আৰক্ষী থানা ।
প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানৰে উত্তপ্ত কৰি তোলে থানা চৌহদ ।
গুৰুতৰ ভাবে আহত দৰসিং ক্ৰামচা ক জখলাবন্ধা চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।