• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলাগুৰু বিষ্ণু ৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী গোকুল পাঠকৰ মহাপ্ৰয়াণ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 10, 2020 11:04 pm

5.5k
VIEWS
Share on FacebookShare on Twitter

কলাগুৰু বিষ্ণু ৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী তথা বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক গোকুল পাঠকৰ আজি নিশা প্ৰায় ৮.৩০ বজাত মহাপ্ৰয়াণ ঘটে।

“বৰপেটা সত্ৰৰ ইতিহাস”ৰ লগতে কেইবাখনো মূল্যবান গ্ৰন্থৰ প্ৰণেতা গোকুল পাঠকে বাৰ্ধক্যজনিত ৰোগত ভূগি থকাৰ লগতে কেইদিনমান পূৰ্বে নিজ গৃহত পিছলি পৰি আঘাতপ্ৰাপ্ত হৈছিল।

বিগত কিছুদিন ধৰি বৰপেটাৰ মহীৰূহ গৰাকীয়ে জেইলৰোডস্থিত নিজ গৃহত শয্যাশায়ী হৈ আছিল।

বৰপেটা চহৰৰ ব্যক্তিগত চিকিৎসালয় “অংকুৰাম হাস্পতাল” কৰ্তৃপক্ষই পাঠকৰ সম্পূৰ্ণ চিকিৎসা ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতিৰে যোৱা শুকুৰবাৰে “অংকুৰাম হাস্পতাল”ত তেওঁক ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰিছিল।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰাৰ লগতে আজি পুৱাৰ ভাগত পাঠকৰ নাতি নাৰায়ণ পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে পাঠকৰ স্বাস্থ্যৰ খবৰ লয়।

জিলা উপাযুক্ত মুনীন্দ্ৰ শৰ্মাই চৰকাৰৰ নিৰ্দেশত পাঠকৰ স্বাস্থ্যৰ খবৰ লৈ আছিল যদিও আজি নিশা ৮.৩০ বজাত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটাৰ মহীৰূহ গৰাকীয়ে।

উল্লেখ্য যে, ১৯২৬ চনৰ ১৪ অক্টোবৰত বৰনগৰৰ আমগুৰিৰ সাপনা গাঁৱত জন্মগ্ৰহণ কৰা গোকুল পাঠকে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ লগ লাগি সৰভোগৰ ব্ৰিটিছৰ সামৰিক ঘাঁটি জ্বলাই দিছিল।

বিষ্ণু ৰাভাৰ সৈতে লগ লাগি গোকুল পাঠকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ হকে বহু বিপ্লৱী কাৰ্য সংঘটিত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ শিল্পী, সাংবাদিক, সাহিত্যক, প্ৰৱন্ধকাৰ, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, গীতিকাৰ, গায়ক, লোক সংগীতৰ ধাৰক-বাহক আদি হিচাপে সেৱা আগবঢ়াইছিল।

“বৰপেটা সত্ৰৰ ইতিহাস”ৰ লগতে কেইবাখনো মূল্যবান গ্ৰন্থৰ প্ৰণেতা গোকুল পাঠকে ১৯৬৮ চনৰ পৰা ১৯৯০ চনলৈ “আমাৰ দেশ” কাকতখনৰ লগত জড়িত হৈ থাকে।

ইয়াৰ সমান্তৰালভাৱে তেওঁ “ৰূপান্তৰ” নামৰ আলোচনী এখনৰ সম্পাদনাত ব্ৰতী হয়। এই আলোচনীখন তেওঁ ১৯৬১ চনৰ পৰা ৬৭ চনলৈ সম্পাদনা কৰে।

ইয়াৰ পিছত তেওঁ বহুকেইখন মল্যবান গ্ৰন্থ, নাটক আদি ৰচনা কৰে।

অসম চৰকাৰৰ শিল্পী পেঞ্চন, বিষ্ণুৰাভা বঁটা লাভ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বঁটা আৰু সন্মান লাভ কৰা পাঠকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগতে তেওঁৰ গুনমুগ্ধসকলে শোকত ভাগি পৰে।

তেওঁৰ মৃত্যুত অসম সত্ৰ মহাসভাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd