ক’ৰ’না ভাইৰাছৰ সৰ্বাধিক প্ৰকোপ পৰা মহাৰাষ্ট্ৰ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা অহা কোনো লোককে তেলেংগানাত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।
চৰকাৰে এই তিনিখন ৰাজ্যৰ পৰা তেলেংগানালৈ আহিব লগীয়া লোকসকলক পাছ দিয়া বন্ধ কৰি দিছে। লগতে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে এই তিনিখন ৰাজ্যৰ পৰা আহিব লগীয়া কোনো লোকৰে পাছ জাৰি নকৰিবলৈ স্পষ্ট কৰি দিছে।
উল্লেখ্য যে মহাৰাষ্ট্ৰ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰ’না ভাইৰাছে। শনিবাৰলৈকে মহাৰাষ্ট্ৰত ২৯,১০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০৬৮ গৰাকী লোকৰ মৃত্যু হৈছে।
গুজৰাটত ৯,৯৩১ গৰাকী লোক সংক্ৰমিত হোৱাৰ বিপৰীতে ৬০৬ গৰাকী লোকৰ মৃত্যু হৈছে। সেয়ে এই দুয়োখন ৰাজ্যৰ পৰা তেলেংগানালৈ আহিব লগীয়া লোকৰ ক্ষেত্ৰত এই সিদ্ধান্ত লৈছে।
ইফালে অন্ধ্ৰপ্ৰদেশত ২,২৩০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫০ গৰাকী লোকৰ।
বাকী দুখন ৰাজ্যৰ তুলনাত অন্ধ্ৰপ্ৰদেশত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা কম যদিও সীমামূৰীয়া ৰাজ্য হোৱা বাবে তেলেংগানা চৰকাৰে প্ৰৱেশ নিষিদ্ধৰ দৰে কঠোৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, লকডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা তেলেংগানা লোকৰ বাবে ৰাজ্য চৰকাৰে ১৭,৫০০ পাছ জাৰি কৰিছে। এই পাছৰ সহায়ত ৰাজ্যখনলৈ ৮০ হাজাৰ লোক ঘূৰি আহিবলৈ সক্ষম হৈছে।