• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

এই ঘটনাই ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰাৰ বাবে ইউৰোপীয় ধন ব্যৱহাৰৰ ক্ষেত্ৰতো নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2026 11:31 am
এষ্ট’নিয়াৰ  প্ৰতিৰক্ষা মন্ত্ৰী হান্নো পেভকুৰে পদত্যাগ কৰিছে। ফটোঃ সংগ্ৰহীত।

এষ্ট’নিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী হান্নো পেভকুৰে পদত্যাগ কৰিছে। ফটোঃ সংগ্ৰহীত।

79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনলৈ অস্ত্ৰ যোগানক লৈ এষ্ট’নিয়াত ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে। সেই বিতৰ্কক লৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হান্নো পেভকুৰে পদত্যাগ কৰিছে।

অভিযোগ অনুসৰি ইউক্ৰেইনৰ বাবে কামানৰ গোলা ক্ৰয় কৰিবলৈ ভাৰতীয় মালিকানাধীন কোম্পানী এটাৰ সৈতে প্ৰায় ৭ কোটি ইউৰোৰ চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু অৱশেষত চুক্তিখন বাতিল হয়। গোলাবাৰুদ যোগানত পলম হৈছিল। গুণগত মানৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিল।

Apply Now

২০২২ চনৰ পৰা এষ্ট’নিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পেভকুৰে বুধবাৰে নিশা টেলিভিছনৰ জৰিয়তে পদত্যাগ ঘোষণা কৰে। তেওঁৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁ সমগ্ৰ বিভাগটোৰ ৰাজনৈতিক দায়িত্ব ল’বই লাগিব।

এই বিতৰ্কৰ কেন্দ্ৰবিন্দুত আছে ইটালীত পঞ্জীয়নভুক্ত কোম্পানী ডাটাচেল এছ আৰ এল। এষ্ট’নিয়াৰ সংবাদ মাধ্যম ইষ্টি এক্সপ্ৰেছে দাবী কৰিছে যে ২০২৪ চনত এই কোম্পানীটোৰ পৰা ইউক্ৰেইনৰ বাবে আৰ্টিলাৰী শ্বেল ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰিত হৈছিল। ভাৰতীয় কোম্পানী নেকো ডিফেন্স মিউনিচনৰ হাতত আছিল ডাটাচেলৰ মালিকানা।

একে সময়তে অভিযোগ উত্থাপন হৈছিল যে কোম্পানী দুটাৰ আৰ্টিলাৰীৰ গোলা নিৰ্মাণ বা যোগান ধৰাৰ পূৰ্বৰ কোনো অভিজ্ঞতা নাছিল। এষ্টোনিয়াই আগতীয়াকৈ বিপুল পৰিমাণৰ ধন দিছিল। প্ৰথম পৰ্যায়ত ১কোটি ৫লাখ ইউৰো দিয়া হৈছিল। পিছত আৰু অধিক ধন দিয়া হয়। মুঠতে অগ্ৰিম ধনৰ পৰিমাণ প্ৰায় ৭ কোটি ইউৰো হয়। এই ধন ইউৰোপীয় ইউনিয়নৰ ইউৰোপীয়ান পীচ ফেচিলিটিৰ পৰা আহিছিল।

চুক্তি অনুসৰি গোলাবোৰ ক্ষীপ্ৰতাৰে ডেলিভাৰী কৰাৰ কথা আছিল। কিন্তু সেয়া নহ’ল। বাৰে বাৰে পলম হৈছিল। কিছুমান গোলা অহাৰ পিছতো এষ্ট’নিয়াৰ বিষয়াসকলে ইয়াৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে যোগান ধৰা একাংশ সামগ্ৰীয়ে প্ৰয়োজনীয় মানদণ্ড পূৰণ নকৰা বুলি জানিবলৈ দিয়ে।

অভিযোগ অনুসৰি চুক্তিৰ কিছু অংশ সম্পূৰ্ণ নহ’ল। ফলত বিষয়টো আদালত আৰু আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতালৈ গৈছে। এষ্টোনিয়াই যোগানকাৰী কোম্পানীটোৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ৭ কোটি ইউৰোৰ চালানক লৈ এতিয়াও বিবাদ চলি আছে।

অৱশ্যে ভাৰতীয় কোম্পানীটোৱে এই অভিযোগ মানি লোৱা নাই। জয়ছোৱাল নেকো ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক ৰমেশ জয়ছৱালে দাবী কৰে যে ইষ্ট’নিয়াৰ বিষয়াসকলে গুণগত মান পৰীক্ষা কৰাৰ পিছতহে এই গোলাবাৰুদ যোগান ধৰা হৈছে। তেওঁ আৰু দাবী কৰে যে এষ্ট’নিয়াই পিছলৈ তেওঁলোকৰ সৈতে অধিক চুক্তি স্বাক্ষৰ কৰে। পিছত আৰ্থিক সমস্যাৰ বাবে সেই চুক্তিসমূহ বন্ধ হৈ গ’ল। অৰ্থাৎ কোম্পানীটোৰ বিবৃতি সম্পূৰ্ণ বেলেগ। তেওঁলোকে দাবী কৰে যে ইচ্ছাকৃতভাৱে নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগ শুদ্ধ নহয়।

এই ঘটনা পোহৰলৈ অহাৰ পাছত পেভকুৰৰ ওপৰত চাপ বাঢ়ে। এষ্ট’নিয়াৰ অডিট কৰ্তৃপক্ষই প্ৰতিৰক্ষা সঁজুলি ক্ৰয়ৰ পদ্ধতিক লৈও প্ৰশ্ন উত্থাপন কৰিছে। চুক্তি ব্যৱস্থাপনা আৰু পণ্য পৰীক্ষণৰ ক্ষেত্ৰতো গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰেও সংসদীয় সমিতিৰ সন্মুখত জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। পেভকুৰে অৱশ্যে এই কাণ্ডক ‘চুক্তিগত বিবাদ’ বুলি ব্যাখ্যা কৰে।

এই ঘটনাই ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰাৰ বাবে ইউৰোপীয় ধন ব্যৱহাৰৰ ক্ষেত্ৰতো নতুন প্ৰশ্নৰ উত্থাপন কৰিছে। একে সময়তে আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাণিজ্যৰ ক্ষেত্ৰত কোম্পানীটোৰ অভিজ্ঞতা আৰু চুক্তিৰ পৰীক্ষণ কিমান কঠোৰ হ’ব লাগে সেই বিতৰ্কও চৰ্চালৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd