• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পূজা মণ্ডপত বাগদেৱীৰ বন্দনাৰ ঠাই ল’লে নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদৰ ভাষাই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 10, 2019 11:23 pm

2 min read

Swaraswati Puja News Photo
612
VIEWS
Share on FacebookShare on Twitter

সৰস্বতী পূজা উপলক্ষে বাগদেৱীক আৰাধনাৰ মাজত কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তল পৰিবলৈ নিদিলে অসমীয়া জাতিৰ অস্তিত্বৰ সংকট নমাই আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থকা তেওঁলোকৰ প্ৰতিবাদৰ কণ্ঠক।

দুয়োখন বিশ্ব বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ পৰাই আহি বাগদেৱীৰ আশীৰ্বাদ লোৱাৰ সমান্তৰালকৈ জাতিধ্বংসী বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ’বৰ বাবে দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা-প্ৰাৰ্থনা জনায়।

বিধেয়কখনৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ নিৰন্তৰ প্ৰতিবাদৰ চানেকি বহন কৰি কটন বিশ্ব বিদ্যালয়ৰ পূজা-মণ্ডপৰ সনমুখত লাগি থকা দেখা গ’ল ‘we oppose Citizenship Amendment Bill-2016’ লিখি ৰখা ফলক।

কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে নৰ্থ ইষ্ট নাওৰ আগত কয় যে কালি মোদীয়ে চাংসাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’বই বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই এনেদৰে পূজাৰ দিনটোতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি নমাই আনিছে বুলিও সাধাৰণ সম্পাদকজনে মন্তব্য কৰে।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়তো একেই পৰিবেশে বিৰাজ কৰিলে। বিশ্ববিদ্যালখনতো দেবীক পূজা-অৰ্চনাৰ সমান্তৰালকৈ বিধেয়কৰ বিৰুদ্ধে আৰ চি চি-২ বয়জ হোষ্টেলৰ আৱাসী ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰৰ মাধ্যমেৰে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ।

এখন ক’লা কাপোৰত ডাঙৰকৈ উত্তৰ-পূৰ্বাঞ্চলৰ মানচিত্ৰ অংকন কৰি ‘জয় আই অসম’ লিখি ৰখাৰ লগতে উত্তৰ-পূূবৰ ৮খন ৰাজ্যৰ ৰাজ্যিক ভাষাত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-অৰ বিৰোধিতা কৰো’ বুলি পোষ্টাৰ লগায় পূজাস্থলীত।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূৰ্বেও অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুত, সদ্য সমাপ্ত অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন আৰু অন্যান্য অনুষ্ঠানৰ সময়তো নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জনগণে নিৰন্তৰ আৰু দ্ব্যৰ্থহীন প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd