DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাপৰ চাহ বাগিচাত বন বিভাগ আৰু প্ৰশাসনে চলালে উচ্ছেদ অভিযান

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 23, 2021 11:51 am
1.7k
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ থানা তথা চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰুনীতাৰা-বতৰদল গাঁও পঞ্চায়ত এলেকাত অৱস্থিত চাপৰ চাহ বাগিচাত বন বিভাগ আৰু প্ৰশাসনে উচ্ছেদ অভিযান চলাই বহু সংখ্যক চাহ গছ কাটি পেলায়।

ধুবুৰীৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে  আই ভেলী বন সংগমণ্ডলে স্থানীয় প্ৰশাসন আৰু চাপৰ আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান চলায়।

আই ভেলী বন সংমণ্ডলৰ ডি,এফ,অ’ সুবোধ তালুকদাৰে জানিবলৈ দিয়া মতে  চাপৰ চাহ বাগিচা কৰ্তৃপক্ষই প্ৰায় ৩০/৪০বছৰ মান পূৰ্বৰে পৰা আৰেয়াৰঝাৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ‘ছাগলখুঁটি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল’ৰ প্ৰায় ৬২ বিঘা চৰকাৰী মাটি অবৈধ ভাবে দখল কৰি চাহ বাগিচা গঢ়ি তুলিছিল।

বাগিচাখনে বাৰুণীতাৰা তৃতীয় খণ্ড গাৰ ৪৭ নং দাগৰ ৭বিঘা ১১ লেছা আৰু ৪৮ নং দাগৰ ৬বিঘা ১৪ লেছা চৰকাৰী খাচ মাটি অবৈধভাৱে দখল কৰি চাহ খেতি কৰিছিল।

যোৱা ২৪ অক্টোবৰত চাপৰৰ চক্ৰ বিষয়া শান্তনু গগৈয়ে  উক্ত বেদখলকৃত ভূমিৰ ১ বিঘামান মাটিত উচ্ছেদ চলাই এক্সকেভেটৰৰ সহায়ত চাহ গছসমূহ উভালি পেলাইছিল। শেহতীয়াকৈ বন বিভাগ আৰু স্থানীয় প্ৰশাসনে প্ৰায় ৮ বিঘা মান বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই তাত থকা চাহ গছসমূহ কাটি পেলায়।

উচ্ছেদ অভিযানত আই উপত্যকা বন সংমণ্ডলৰ  ডি এফ অ সুবোধ তালুকদাৰ ,চাপৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনু গগৈ, বহলপুৰৰ আঞ্চলিক বন বিষয়া উত্তম কুমাৰ সেনাপতি তথা  বনকৰ্মীৰ দলৰ লগতে চাপৰ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰি বৃহৎ সংখ্যক চাহ গছ কাটি পেলাই উক্ত ভূমি  বেদখলমুক্ত কৰা পৰিলক্ষিত হয়।

Recent News

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd