• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰ ৰুণীখাটা; বাহনত অগ্নিসংযোগ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:11 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰাং জিলাৰ ভাৰত–ভূটান সীমান্তৰ ৰুণীখাটাত শুকুৰবাৰে সংৰক্ষিত বনাঞ্চলত বেদখলৰ অভিযোগত উচ্ছেদ অভিযান চলোৱাৰ সময়ত বনকৰ্মী আৰু আদিবাসী প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়।

ৰুণীখাটা বনাঞ্চলিক কাৰ্যালয়ত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু সদৌ আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। বনকৰ্মীয়ে উন্মত্ত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰা বুলি জানিব পৰা গৈছে।

Apply Now

বিষয়াসকলৰ মতে, আন্দোলনকাৰী প্ৰতিবাদকাৰীয়ে বন বিভাগৰ কমেও চাৰিখন বাহনত অগ্নিসংযোগ কৰাৰ লগতে ৰেঞ্জ অফিচাৰৰ কাৰ্যালয়ত জুই জ্বলোৱাৰ চেষ্টা কৰাৰ সময়তে পৰিস্থিতিয়ে গুৰুতৰ ৰূপ লয়। পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে সংঘৰ্ষ আৰু গুলীচালনা অব্যাহত থকাৰ খবৰ পোৱা গৈছে।

এই হিংসাত্মক ঘটনাত কমেও এজন আৰক্ষী জোৱান আহত হোৱাৰ লগতে আন এজন আৰক্ষী জোৱান শিলগুটি নিক্ষেপ কৰাৰ সময়ত মূৰত আঘাতপ্ৰাপ্ত হয়।

বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হোৱা সংঘাতৰ পিছতে উচ্ছেদ অভিযানৰ সময়ত বন বিষয়াসকলে ২৫ জন আদিবাসী ব্যক্তিক আটক কৰি ৰাখিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বহু মহিলাকে ধৰি স্থানীয় বাসিন্দাই ৰেঞ্জ অফিচত সমবেত হৈ তেওঁলোকক শীঘ্ৰে মুক্তিৰ দাবী জনায়।

কৰ্তৃপক্ষই লাঠী চাৰ্জকে ধৰি বল প্ৰয়োগ কৰি ভিৰ ছত্ৰভংগ দিয়াৰ চেষ্টা কৰাৰ পিছতে উত্তেজনা বৃদ্ধি পায়। ঘটনাত গুৰুতৰভাৱে আহত কেইবাগৰাকীও মহিলাক  চিকিৎসাৰ বাবে কাজলগাঁওলৈ স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে।

এই সংঘৰ্ষত স্থানীয় ৰাইজে বন বিভাগৰ বাহনত শিলগুটি নিক্ষেপ কৰি কমেও এখনৰ ক্ষতিসাধন কৰে। এই ঘটনা সংঘটিত হয় ৰুণীখাটা থানাৰ সন্মুখত। আদিবাসী সংগঠন আৰু বাসিন্দাসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰি দাবী কৰিছে যে বনাঞ্চলিক কাৰ্যালয়ত প্ৰৱেশ কৰা মহিলাসকলক শাৰীৰিকভাৱে নিৰ্যাতন আৰু শ্লীলতাহানি কৰা হৈছিল।

ইপিনে, বাসিন্দাসকলে অসুৰক্ষিত ভূমিৰ দীৰ্ঘদিনীয়া সমস্যাৰ কথা আঙুলিয়াই দি কয় যে ১৯৯৬ আৰু ১৯৯৮ চনত নদীৰ খহনীয়া আৰু বিগত গোষ্ঠীগত সংঘাতৰ বাবে বহু আদিবাসী পৰিয়ালে নিজৰ মাটি হেৰুৱাইছিল, যাৰ ফলত তেওঁলোকে বনাঞ্চলৰ মাটিত বসতি স্থাপন কৰিবলৈ বাধ্য হৈছিল।

আছা আৰু চাওতালী ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহে নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে একেটা বনাঞ্চলৰ মাটিত একাধিক সম্প্ৰদায়ে বাস কৰিলেও কৰ্তৃপক্ষৰ ৰোষৰ বলি হৈছে আদিবাসীসকল।

দুয়োটা সংগঠনে সমগ্ৰ বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আনহাতে, অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ সময়তো কৰ্তৃপক্ষই এতিয়াও ঘটনা সন্দৰ্ভত কোনো বিতং আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd