• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোৰ এটা পৰিকল্পনা আছে…’, ১৭ বছৰ পাছত বাংলাদেশলৈ উভতিয়েই বিস্ফোৰক খালেদা পুত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2025 6:04 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগতেই ছাত্ৰ নেতা ওছমান হাদীৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ বাংলাদেশ জ্বলি আছে। লণ্ডভণ্ড, তাণ্ডৱ, লুণ্ঠন, অগ্নিসংযোগ, হত্যা… একো বাদ পৰা নাই।

এই অস্থিৰ পৰিস্থিতিৰ মাজতে বিএনপি নেত্ৰী খালেদা জিয়াৰ পুত্ৰ তথা দলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমান ১৭ বছৰৰ পাছত বাংলাদেশলৈ উভতি আহিছে। তেওঁ কয়, ‘ আপোনালোকৰ আগত মই ক’ব বিচাৰো যে মোৰ এটা পৰিকল্পনা আছে…’।

Apply Now

আজিৰ দিনটোতে তেওঁ কয়, ‘’বাংলাদেশৰ জনসাধাৰণে কথা কোৱাৰ অধিকাৰ পুনৰ লাভ কৰিব বিচাৰে। বাংলাদেশৰ জনসাধাৰণে নিজৰ যোগ্যতা অনুযায়ী ন্যায্য অধিকাৰ লাভ কৰিব বিচাৰে। প্ৰিয় ভাই-ভনীসকল, আজি আমি সকলোৱে মিলি এখন দেশ গঢ়াৰ সময়। এই দেশত যেনেকৈ বাহিৰৰ মানুহ আছে, এই দেশতো একেধৰণে সমান মানুহ আছে। এই দেশত মুছলমান, বৌদ্ধ, হিন্দু, খ্ৰীষ্টানকে ধৰি বিভিন্ন ধৰ্মৰ লোক বাস কৰে। আমি বিচাৰো, সকলোৱে মিলি, এগৰাকী মাতৃয়ে সপোন দেখা বাংলাদেশ গঢ়ি তুলিব। অৰ্থাৎ আমি এখন নিৰাপদ বাংলাদেশ গঢ়িব বিচাৰো।‘’

তেওঁ লগতে কয়, ‘’বাংলাদেশত যাতে এগৰাকী মহিলা, এজন পুৰুষ, এজন শিশু, যিয়েই নহওক, নিৰাপদে ঘৰৰ পৰা ওলাই আহি পুনৰ ঘৰলৈ উভতি যাব পাৰে। এই দেশৰ আধা জনসংখ্যা মহিলা, চাৰি কোটিতকৈও অধিক নৱপ্ৰজন্মৰ সদস্য, প্ৰায় ৫০ কোটি শিশু, প্ৰায় ৪০ লাখ লোক প্ৰতিবন্ধী। …আমি সকলোৱে একত্ৰিত হ’লে, আজি যদি আমি প্ৰতিশ্ৰুতি দিওঁ, তেন্তে আমি এই লাখ লাখ মানুহৰ আশা পূৰণ কৰিবলৈ সক্ষম হ’ম।‘’

তেওঁ লগতে কয়, ‘’প্ৰিয় ভাই-ভনীসকল, ১৯৭১ চনত আমাৰ শ্বহীদসকলে এনে এখন বাংলাদেশ গঢ়াৰ বাবে প্ৰাণ আহুতি দিছিল। বিগত ১৫ বছৰত একনায়কত্ববাদৰ বিৰুদ্ধে নিৰুদ্দেশ আৰু হত্যাৰ বলি হৈছে লাখ লাখ লোক। কেৱল ৰাজনৈতিক দলৰ সদস্যই নহয়, নিৰীহ লোকেও প্ৰতিবাদ কৰাৰ সময়ত অত্যাচাৰ আৰু নিৰ্যাতনৰ বলি হৈছে, আৰু নিজৰ প্ৰাণ দিছে। ২০২৪ চন মাথোঁ সেই দিনটোৰ ঘটনা। আমি দেখিছো, আমাৰ যুৱ প্ৰজন্মৰ সদস্যসকলে দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে কেনেকৈ প্ৰাণ আহুতি দিছে।‘’

তাৰিকে কয়, ‘’প্ৰিয় ভাই-ভনীসকল, কিছুদিন পূৰ্বে বাংলাদেশৰ ২৪ৰ আন্দোলনৰ এজন সাহসী সদস্য ওছমান হাদীক হত্যা কৰা হৈছিল। ওচমান হাদী শ্বহীদ হ’ল.. এইসকল লোকৰ তেজৰ ঋণ পৰিশোধ কৰিব লগা হ’লে আমি আশা কৰা বাংলাদেশখন গঢ়ি তুলিম। য’ত আমি সকলোৱে মিলি কাম কৰিম। .. আমি ধৈৰ্য্য ধৰিব লাগিব। বিশেষকৈ নৱপ্ৰজন্মই ভৱিষ্যতে দেশক নেতৃত্ব দিব। তেওঁলোকে দেশ গঢ়ি তুলিব।‘’

খালেদা পুত্ৰৰ সংযোজন, প্ৰিয় ভাই-ভনীসকল, মাৰ্টিন লুথাৰ কিঙৰ নাম শুনিছেনে? তেওঁৰ এটা বিখ্যাত সংলাপ আছে, মোৰ এটা সপোন আছে, আজি এই বাংলাদেশৰ মাটিত থিয় হৈ, আপোনালোক সকলোৰে সন্মুখত ক’ব বিচাৰিছো, মোৰ এটা পৰিকল্পনা আছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd