• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2026 3:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বামুণীমৈদামৰ এখন ৰে’লৱে কলনীত সোমবাৰে চলোৱা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়। ৰে’লৱে আৰক্ষীৰ নেতৃত্বত অসম আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সহযোগত চলোৱা এই অভিযানত প্ৰায় ৬০টা ঘৰ ভাঙি পেলোৱা হয়। উচ্ছেদৰ সময়ত বহু স্থানীয় লোকে বুলড’জাৰৰ সন্মুখত থিয় হৈ ঘৰ ভঙাত বাধা দিয়াৰ চেষ্টা কৰে।

জানিব পৰা মতে, ৰে’লৱেৰ ভূমিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ অভিযোগত বাসিন্দাসকলক পূৰ্বেই উচ্ছেদৰ জাননী দিয়া হৈছিল। জাননীত ২১ আগষ্টৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পাছত বাসিন্দাসকলক আৰু তিনিদিন সময় দিয়া হয়। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘৰ খালী নকৰাত সোমবাৰে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে।

Apply Now

স্থানীয় বাসিন্দা সকলৰ মতে ইমান কম সময়ৰ ভিতৰত পৰিয়ালসহ ঘৰ এৰি যোৱা তেওঁলোকৰ বাবে অতি কঠিন। তেওঁ কয়, তেওঁলোকক মাত্ৰ এসপ্তাহ সময় দিয়া হৈছিল, যিটো কোনো পৰিয়ালৰ বাবে যথেষ্ট নহয়। তেওঁলোকক যদি এক-দুমাহ সময় দিয়া হ’লহেঁতেন, তেন্তে নতুন বাসস্থান বিচাৰি লোৱাটো সহজ হ’লহেঁতেন। ঘৰত থকা শিশুসকল স্কুলৰ পৰা উভতি আহিলে এতিয়া তেওঁলোকে ক’ত থাকিব বুলিও তেওঁ প্ৰশ্ন কৰে।

এগৰাকী বাসিন্দাই ঘৰ ভাঙি দিয়াৰ পিছত তীব্ৰ অসহায় অৱস্থাৰ কথা প্ৰকাশ কৰে। তেওঁ কয়, একেবাৰে কেইদিনমানৰ ভিতৰতে ঘৰ বিচাৰি লোৱাটো সম্ভৱ নহয়। তিনিদিনৰ ভিতৰত এটা পৰিয়ালে ক’ত ঘৰ বিচাৰি পাব বুলিও তেওঁ প্ৰশ্ন কৰে।

উচ্ছেদ কৰা ঠাইত এখন বাগিচা নিৰ্মাণৰ পৰিকল্পনা থকাৰ কথাও স্থানীয় বাসিন্দাসকলে উল্লেখ কৰে। কিন্তু এই ঠাইখন বাগিচাৰ বাবে উপযুক্ত নেকি, তাক লৈও তেওঁলোকে প্ৰশ্ন তোলে। ঠাইখনত বাথৰুমৰ টেংকী আদি থকা বুলি উল্লেখ কৰি বাসিন্দাসকলে কয় যে এনে অৱস্থাত বাগিচা নিৰ্মাণৰ পৰিকল্পনাতকৈ উচ্ছেদ হোৱা পৰিয়ালসমূহে ক’ত থাকিব, সেই বিষয়টোও গুৰুত্ব দিয়া উচিত।

বাসিন্দাসকলৰ মতে, বৰ্তমান গুৱাহাটীত ভাড়াঘৰৰ দাম যথেষ্ট বৃদ্ধি পাইছে। বহু ঠাইত এটা ঘৰ ভাড়াত ল’বলৈ ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত খৰচ হয়। এনে পৰিস্থিতিত মাত্ৰ তিনিদিনৰ ভিতৰত নতুন ঘৰ বিচাৰি লোৱাটো বহু পৰিয়ালৰ বাবে প্ৰায় অসম্ভৱ বুলি তেওঁলোকে কয়।

কঠোৰ নিৰাপত্তাৰ মাজতে প্ৰশাসনে বাসিন্দাসকলৰ প্ৰতিবাদ আৰু অধিক সময় দিয়াৰ দাবীৰ মাজতো উচ্ছেদ অভিযান অব্যাহত ৰাখে। ঘৰসমূহ ভাঙি পেলোৱাৰ পিছত এতিয়া প্ৰায় ৬০টা পৰিয়াল বিকল্প বাসস্থানৰ সন্ধানত নামিবলগীয়া হৈছে। উচ্ছেদৰ পাছত এই পৰিয়ালসমূহৰ ভৱিষ্যৎ বাসস্থানক লৈ এতিয়া নতুনকৈ প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd