NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত,সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা

October 9, 2021 8:05 pm · প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
Updated: October 9, 2021 8:48 pm

বঙাইগাঁও জিলা বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হয়৷

জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত দলটোৰ বৰপাৰা শ্বহীদ বেদীস্থিত জিলা কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল মাধ্যমত সম্বোধন কৰি কাৰ্যকৰ্তাসকলক উৎসাহিত কৰে ৷

উল্লেখ্য যে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে দলীয় পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যনিৰ্বাহক সভাত শোক প্ৰস্তাৱ পাঠ কৰে জিলা সমিতিৰ উপ সভাপতি দীনেশ সৰকাৰে আৰু ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে জিলা উপ সভানেত্ৰী সবিতা ৰাজবংশী টাইডে ৷

সভাত এই ৰাজনৈতিক প্ৰস্তাৱৰ সমৰ্থনত জিলা উপ সভাপতি কৌস্তভ দাসে বক্তব্য ৰাখে ৷

আনহাতে বৰ্তমানৰ ‘ সামাজিক মাধ্যম’ৰ ওপৰত বক্তব্য ৰাখে জিলা সামাজিক মাধ্যম কোষৰ জিলা আহ্বায়ক লিটন ঘোষে ৷ সভাত জিলা বিজেপিৰ সাংগঠনিক দিশ তথা আগন্তুক দলীয় কাৰ্যসূচী সন্দৰ্ভত জিলা বিজেপিৰ প্ৰভাৰী ব্ৰজ কুমাৰ দাসে আলোকপাত কৰে ৷

সভাত জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে দলটোৰ সমগ্ৰ জিলাখনৰ সামগ্ৰিক সাংগঠনিক স্থিতি আৰু দলীয় কাম- কাজ সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায় ৷

কাৰ্যনিৰ্বাহক সভাত জিলা বিজেপিৰ সহ প্ৰভাৰী ৰঞ্জন বৰা, বঙাইগাঁও জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়াসকল,জিলা সমিতিৰ বিষয়ববীয়া,কাৰ্যনিৰ্বাহক সদস্য- সদস্যাসকল ,মণ্ডল সভাপতি- সভানেত্ৰীসকল, জিলা মৰ্চাৰ সভাপতি- সভানেত্ৰীসকল আৰু জিলাৰ বিভিন্ন কোষসমূহৰ আহ্বায়কসকল উপস্থিত থাকে ৷

Related News