DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

অন্ধ বিশ্বাসৰ বলি কিশোৰী: প্ৰেতাত্মা খেদিবলৈ প্ৰথমে প্ৰহাৰ, পিছত ধূপ কাঠিৰে শৰীৰ জ্বলালে বেজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2022 12:57 pm
Girl beaten and burned with incense stick
170
VIEWS
Share on FacebookShare on Twitter

একৈশ শতিকাৰ এই বিজ্ঞানৰ চমকপ্ৰদ উন্নতিৰ যুগতো অন্ধ বিশ্বাস, কু-সংস্কাৰৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হোৱা নাই ভাৰতীয় সমাজ। ভূত-প্ৰেত, ডাইনীৰ সন্দেহত এতিয়াও দেশৰ বহু প্ৰান্তত বেজ-কবিৰাজৰ চিকিৎসাৰ নামত নিৰ্যাতনৰ প্ৰথা অব্যাহত আছে।

এনে এক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ চাত্ৰা জিলাত। জিলাখনৰ এটা ভিতৰুৱা অঞ্চলৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ শৰীৰৰ পৰা প্ৰেতাত্মা খেদিবলৈ কিশোৰী গৰাকীক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে ধূপ কাঠিৰে শৰীৰ জ্বলাই দিয়ে এগৰাকী ভণ্ড বেজে।

কিছুদিন পূৰ্বে হোলী খেলি অসুস্থ হৈ পৰিছিল কিশোৰীগৰাকী। অসুস্থ কিশোৰীগৰাকীৰ পৰিয়ালে ইয়াতে ভীত-সন্ত্ৰস্ত হৈ বেজ মৌলানা মোঃ ৱাহিদৰ কাষ চাপে।

ভণ্ড বেজজনে পৰিয়ালটোক আশ্বাস দিয়ে যে তেওঁ কিশোৰীগৰাকীৰ শৰীৰৰ পৰা ভূত খেদি পঠিয়াব আৰু কিশোৰীগৰাকী সুস্থ হ’ব।

ইয়াৰ পিছত চাৰি দিনধৰি ৱাহিদে ভূত খেদাৰ নামত ছোৱালীজনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰে। এনে অত্যাচাৰত কিশোৰীগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুওৱাই পেলায়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ৱাহিদে কিশোৰীগৰাকীৰ সৰ্ব শৰীৰত প্ৰহাৰ কৰাৰ লগতে তাইৰ মুখ, ওঁঠ আৰু হাত জ্বলি থকা ধূপ কাঠিৰে জ্বলাই দিছিল।

এনে অত্যাচাৰত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কিশোৰীগৰাকীক চাত্ৰাৰ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতিৰ বাবে পিছত ৰাঁচীৰ ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (আৰআইএমএছ) ভৰ্তি কৰোৱা হয়।

জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰঞ্জনে জানিবলৈ দিয়া অনুসৰি ছোৱালীজনীৰ পৰিয়ালে লাৱালং আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছত ৩৫ বছৰীয়া ৱাহিদক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে অভিযুক্ত ৱাহিদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৭ (হত্যাৰ চেষ্টা) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO) ৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd