• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে এৰিলেও নেৰে বৰঠাকুৰে : বিকল্পৰ অভাৱত বিজেপিকে সমৰ্থন মীৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2019 1:17 pm
15741160_420789901597508_3993281588298649973_n

মীৰা বৰঠাকুৰ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমীয়া জাতিক বচাবলৈ গৈ দলৰ পৰা বহিস্কৃত হ’বলগীয়া হৈছিল মীৰা বৰঠাকুৰ। কিন্তু তেতিয়াই বৰঠাকুৰে তেওঁৰ বহিস্কাৰ সহজভাৱে ল’ব পৰা নাছিল। লগতে বিজেপিৰ বেনাৰে তেওঁক মীৰা বৰঠাকুৰ হিচাপে সমাজৰ আগত পৰিচয় দিছিল বুলি বিজেপিৰ পৰা বহিস্কাৰ হোৱাৰ পাছদিনা অৰ্থ্যাৎ ৬ চেপ্তেম্বৰৰ দিনা ঘোষণা কৰিছিল।

ইপিনে, এক হোৱেটছএপ মেছেজযোগে তেওঁক বহিস্কাৰ কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলিও তেওঁ সদৰী কৰিছিল।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিলেও বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ বিকল্প ৰাজনৈতিক শক্তি বিচাৰি নাপালে বিজেপিৰ পৰা বহিস্কৃত নেত্ৰী মীৰা বৰঠাকুৰে। যেন ‘বিজেপিয়ে এৰি দিলেও মীৰা বৰঠাকুৰে কেতিয়াও নেৰে দলটোক। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত স্পষ্ট হৈ পৰিছে বৰ্তমানো দলটোৰ প্ৰতি অগাধ ভালপোৱা আছে বৰঠাকুৰৰ।

তদুপৰি, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে অসমৰ পৰা বেছিকৈ আসন লাভ কৰিব বুলি দাবী কৰে মীৰা বৰঠাকুৰে। কিয়নো বৰঠাকুৰৰ মতে বিজেপিক পৰাভূত কৰিব পৰাকৈ বৰ্তমান ‘ৰাজনৈতিক বিকল্পৰ’ অভাৱ অসমত।

‘’বিজেপিয়ে অসমৰ পৰা আসন পোৱাৰ ধাৰণাটো এইবাবেই কৰিব পাৰি যে অগপই মিত্ৰতা কৰাৰ বাবে অগপক জনসাধাৰণে ভোট নিদিয়ে,’‘-এইদৰে কয় বৰঠাকুৰে।

ইপিনে, কংগ্ৰেছে বহু বছৰ ধৰি ভাল ফলাফল দিব নোৱাৰা বাবে বিজেপিক অসমৰ ৰাইজে শাসনলৈ আনিছিল বুলি সদৰী কৰি লগতে তেওঁৰ ‘ৰাজনৈতিক বিশ্বাস’ ব্যক্ত কৰে আমাৰ সাংবাদিকৰ আগত।

তেওঁ কয়, ‘’মোৰ ৰাজনৈতিক ধাৰণা বা বিশ্বাস মতে বিকল্পৰ অভাৱত বিজেপিকে জনসাধাৰণে ভোট দিব। বিজেপিয়ে বৃত্তিগতভাৱে আজিৰ তাৰিখত যিখিনি ফলাফল দেখুৱাই আছে, সেই হিচাপত কোনো দলেই বিজেপিৰ লগত নিৰ্বাচনী যুঁজত দৌৰিব পৰা নাই।‘’

ইপিনে, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ তুলনাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতবাসীৰ বাবে যোগ্য প্ৰধান মন্ত্ৰী বুলি আওপকীয়াকৈ হ’লেও বৰঠাকুৰে স্বীকাৰ কৰে।

‘’নিশ্চিতভাৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যয়ন লৈ কামবোৰ কৰিছে। তেওঁ এগৰাকী সু-বক্তা। তেওঁৰ মটিভেশ্যনটো ৰাহুল গান্ধীতকৈ হাজাৰগুণে ভাল। প্ৰধান মন্ত্ৰীয়ে কিমান কাম কৰিছে বা কৰা নাই সেইটো বেলেগ অধ্যায়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰাভুত কৰিব পৰাকৈ তেওঁৰ স্থানত আহিবলৈ ৰাহুল গান্ধীক সময়ৰ প্ৰয়োজন হ’ব,’‘-আমাৰ সাংবাদিকৰ আগত বৰঠাকুৰে এইদৰে কয়।

অৱশ্যে ৰাজনীতি বুলি ক’লে মানুহৰ মাজত বিশ্বাসযোগ্যতা ভংগ হৈছে বুলি আমাৰ সাংবাদিকৰ আগত মন্তব্য কৰি বৰঠাকুৰে কয়, ‘‘বিকল্প কাক ল’ব? থকা দলকেইটাৰ মাজতেটো কাৰোবাক বিকল্প হিচাপে ল’ব লাগিব।‘’

বৰঠাকুৰৰ মতে বিকল্পত থকা নেতাসকলে মানুহৰ বিশ্বাসটো ভংগ কৰিছে।

তেওঁ আৰু কয়, ‘’এইটো কথা কোৱাৰ অধিকাৰ নাই যে কাক ভোট দিব বা কাক ভোট নিদিব। ৰাইজৰ ভোট লৈ জিকি সংসদলৈ গৈ পাৰদৰ্শিতা দিব নোৱাৰা নেতাসকলক যাতে সাংসদ হোৱাৰ সুযোগ নিদিয়ে তাৰ বাবে আহ্বান জনাইছো।‘’

আনহাতে, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থীও যদি ‘জাতীয় চেতনাবোধ’ সম্পন্ন ব্যক্তি হয়, তেন্তে তেওঁকো ভোট দিবৰ বাবে বৰঠাকুৰে আহ্বান জনায়।

‘’জাতীয় চেতনা থকা বিজেপিৰ নেতাও যদি ভাল প্ৰাৰ্থী হিচাপে বিবেচিত হয়, তেন্তে বিজেপিকো ভোট দিয়ক। আমি বিজেপিক ভোট দিব নালাগে বুলি নকওঁ,‘’- বৰঠাকুৰে এইদৰে কয়।

প্ৰশ্ন হয়, বিজেপি দলৰ প্ৰতি অশেষ শ্ৰদ্ধা থকা তথা অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদোৱানীক আদৰ্শ হিচাপে লৈ বিজেপিত যোগদান কৰা বলিষ্ঠ নেত্ৰী বৰঠাকুৰক পুনৰবাৰ বৰ্তমানৰ বিজেপি নেতৃত্বই আঁকোৱালি ল’ব নেকি? নে ৰাজনৈতিক বিকল্পৰ অভাৱত বৰঠাকুৰ নিজেই পুনৰবাৰ উভটি আহিব বিজেপিলৈ?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd