এক ৰহস্যজনক বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ল দিল্লীৰ আদালতত।
দিল্লীৰ ৰোহিনী আদালতৰ কাম-কাজ চলি থকাৰ মাজতে এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়।
বিস্ফোৰণৰ ফলত কোনো লোক হতা-হত হোৱা নাই বুলি জানিব পৰা মতে।
আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি এয়া কোনো বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ হয়তো নহয়।
আৰক্ষীৰ মতে এয়া আদালত কক্ষৰ ভিতৰত থকা এটা লেপটপত হোৱা বিস্ফোৰণ হ’ব পাৰে।
অৱশ্যে সঠিক তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ সাত খন গাড়ী ঘটনাস্থলীত উপস্থিত হৈছে।
ৰহস্যজনক বিস্ফোৰণটোৰ পিছতে ৰোহিনী আদালতৰ সকলো কাম-কাজ বন্ধ কৰি দিয়া হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।