DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ স্বৰূপ উন্মোচন কৰিলে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
March 25, 2022 1:57 pm
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ স্বৰূপ উন্মোচন কৰিলে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই
107
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ  খাদ্য, যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত ব্যাপক অনিয়ম ঘটি থকাৰ অভিযোগ উত্থাপন কৰিছে সুলভ মূল্যৰ ব্যৱসায়ীসকলে ৷ কেইবা মাহ ধৰি প্ৰাপ্য কমিচনৰ পৰা বঞ্চিত হৈ অহাৰ কথা প্ৰকাশ কৰিছে সুলভ মূল্যৰ ব্যৱসায়ীসকলে ৷ দুধনৈত গোৱালপাৰা জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ব্যৱসায়ীসকলে ৷

দুধনৈ পৰিদৰ্শন বঙলাত অনুষ্ঠিত সংবাদমেলত কেইবাটাও অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷
অসমৰ ২ কোটি ৫২ লাখ হিতাধিকাৰীক খাদ্য সুৰক্ষা আঁচনিৰ যোগেদি অন্ন যোগান ধৰি অহা সুলভ মূল্যৰ ব্যৱসায়ীসকলে বিগত কেইবামাহো ধৰি প্ৰাপ্য কমিচনৰ ধন লাভ নকৰাৰ অভিযোগ উঠিছে ৷

২০২০ বৰ্ষৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ কেন্দ্ৰীয় অংশত তিনি লাখৰো অধিক টকাৰ বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগো তোলে সংগঠনটোৱে ৷ জিলা প্ৰশাসনে দুৰ্নীতিকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আইনৰ সুৰঙাৰে সুৰক্ষা দিয়াৰহে গুৰুতৰ অভিযোগ কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে৷

খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গোৱালপাৰা জিলা বিভাগে ২০২০ আৰু ২০২১ বৰ্ষৰ ভিতৰত ৯ মাহে ৰাজ্যিক অংশ দিবলৈ সক্ষম হোৱা নাই ব্যৱসায়ী সকলক ৷ তাৰোপৰি আঠ মাহ ধৰি ব্যৱসায়ী সকলৰ আইএফচি কোড Fin Assam( বিত্ত বিভাগত ) সঠিক কৰিবলৈ জিলা যোগান বিভাগ ব্যৰ্থ হৈছে বুলিও সংবাদমেলত অভিযোগ কৰা হয়।
গোৱালপাৰা জিলাত যোৱা ২০২১ বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় অংশ ৩,৭৩,৮১,১৯৬ টকা আৰু ২০২২ বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ নামত মচুৰ দাইল আৰু বুটৰ ট্ৰেন্সপোৰ্ট কমিচন প্ৰায় ২৮,৩০,০৪৪ টকা মোকলাই দিয়াৰ পিছতো জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে ব্যৱসায়ী সকলক সেই ধন মোকলাই দিয়াত ব্যৰ্থ হৈছে ৷ এয়া বিজেপি মিত্ৰজোঁট চৰকাৰৰ এক কলংক বুলি কয় ব্যৱসায়ীসকলে মন্তব্য কৰে ৷

আনহাতে যোগান বিভাগৰ সঞ্চালকৰ দ্বাৰা আৱণ্টিত ২০২০ বৰ্ষৰ জুলাই, আগষ্ট আৰু ছেপ্তেম্বৰ মাহৰ কেন্দ্ৰীয় অংশ ৯০,৯২,১৮৬ টকাৰ কমিচনৰ ধন অন্তৰ্ধান হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে গোৱালপাৰা জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাই ৷ সুলভ মূল্যৰ দোকানী সকলে হিতাধিকাৰীক ১০০ গ্ৰাম চাউল কমকৈ দিলে জে’ললৈ পঠিয়াম বুলি সকিয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ প্ৰত্যাহ্বান জনায় সংগঠনটোৱে ৷ ৩১ মাৰ্চৰ ভিতৰত প্ৰাপ্য কমিচন নাপালে অনাগত দিনত জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাই অনিৰ্দিষ্ট কাললৈ খাদ্য সুৰক্ষাৰ চাউল তথা সামগ্ৰী সংগ্ৰহ তথা বিতৰণৰ পৰা বিৰত থকাৰ হুংকাৰ দিয়ে ৷

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd