ভুৱা সংঘৰ্ষক লৈ ৰাজ্যত বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈ থকাৰ সময়তে মানৱ অধিকাৰ আয়োগৰ এক নিৰ্দেশে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী বিভাগক শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে। মানৱ অধিকাৰ আয়োগৰ তদন্তত অসম আৰক্ষীয়ে ভুৱা এনকাণ্টাৰেৰে অভিযুক্তক শীতল মস্তিষ্কৰেৰে হত্যা কৰাৰ দৰে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।
ইতিমধ্যে এই সংক্ৰান্তীয় নিজাববীয়াকৈ ৰুজু কৰা এক গোচৰৰ তদন্ত চলাই আয়োগে ভুৱা এনকাণ্টেৰেৰে অভিযুক্তক হত্যা কৰা দুগৰাকী আৰক্ষী বিষয়াক দোষী সাব্যস্ত কৰি ভুক্তভোগী পৰিয়ালক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ দিছে।
লগতে আয়োগে দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত কাকতি একেখন থানাৰে চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তৰ বিৰুদ্ধে কঠোৰ শাস্তিমূল ব্যৱস্থা ল’বলৈ অসম চৰকাৰক নিৰ্দেশ দিছে।
উল্লেখ্য, মানৱাধিকাৰ আয়োগে নিজাববীয়াকৈ লোৱা এক গোচৰৰ (৪১৭৯/২০২১-২২) ভিত্তিত তন্ত প্রক্ৰিয়া সমাপ্ত কৰি যোৱা ২৪ জানুৱাৰীত এই নিৰ্দেশ জাৰি কৰে।
ঘটনাৰ বিৱৰণীমতে খাৰুপেটীয়া থানাত ৰুজু হৈ থকা ৩০৮/২০১৮ আৰু ২৩৫/২০২১ নং দুটা গোলামে খাৰুপেটীয়া আৰক্ষীয়ে বিহুদিয়া গাঁৱৰ মহন্মৰ আশা বাবু নামৰ অভিযুক্তজনক যোৱা ২০২১ চনৰ ১০ আগষ্টত শ্ৰপ্তাৰ কৰি খাৰুপেটীয়া থানালৈ আনি জোৰা চলায়।
জেৰাৰ অন্তত আৰক্ষীয়ে দলগাঁও থানাৰ ধনশিৰিখাটত অস্ত্ৰ শুকুৱাই ৰখা বুলি সম্ভেদ লোৱাৰ নামত অভিযুক্ত আশা বাবুক লৈ খটনাস্থলীলৈ যায়।
সেই সময়তে আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ লগতে অভিযুক্ত বাবুৱে আৰক্ষীক উদ্দেশ্যি গুলীবৰ্ষণ কৰাত আৰক্ষীৰ দলটোৱেও আত্মবক্ষাৰ বাবে ওলোটাই শুলী চলাবলৈ বাধ্য হয় হোৱা দাবী কৰে।
এই ঘটনাটো সংঘটিত হৈছিল বোৱা ১১-৮-২০২১ তাৰিখৰ নিশা আৰু সেই নিশাৰে ১.১০ বজাত চিকিৎসালয়লৈ নিয়াৰ পথত গুলীবিদ্ধ আশা বাবুৰ মৃত্যু হয়।
উল্লেখ্য, এই ঘটনাৰ পিছতে দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা পোৱা এক তাঁৰবাৰ্তাক আলম হিচাপে লৈ মানৱাধিকাৰ আয়োগে নিজাববীয়াকৈ এটা গোচৰৰ ভিত্তিত তপ্ত প্ৰক্ৰিয়া হাতত লৈ জিলা দণ্ডাধীশক তাৰ তদন্ত কৰিবলৈ নিয়া দিয়ে।
এই তদন্তৰ প্ৰতিবেদনতে স্পষ্ট হয় যে আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি এই ঘটনাক এনকাউণ্টাৰৰ ৰূপ দিয়ে। তদন্তত পোহৰলৈ আহে যে অভিযুক্তই আৰক্ষীৰ বিৰুদ্ধে গুলীচালনা কৰা নাছিল বৰং গ্ৰেপ্তাৰৰ সময়ত অসুস্থ হৈ তেওঁ ঘৰতে ছেলাইন লৈহে আছিল।
অভিযুক্তই যিটো পিষ্টলেৰে আৰক্ষীক আক্ৰমণ কৰা বুলি দাবী কৰা হৈছিল, সেই পিষ্টলটো পৰীক্ষা কৰি ফিঙ্গাৰপ্ৰীণ্টৰ বিশেষজ্ঞই নিয়া প্ৰতিবেদনতো এই কথা পোহৰলৈ আহে যে পিষ্টলটোত অভিযুক্তৰ কোনো হাতৰ পৰশ নাই।
ইফালে যি দুটা গোচৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল, সেই গোচৰৰ ধাৰা অস্ত্ৰ শস্ত্ৰ সংক্ৰান্তীয় নহয় আৰু ৩৭৯/৫১১/৩৪ আই পিচি আৰু ৩৬৬/৩৪ আই পি চি ধাৰাতহে তেওঁক গ্ৰেণ্ডাৰ কৰা হৈছিল।
সেই সকলো তথ্য প্ৰমাণ আৰু তদন্তত প্ৰতিবেদন চালি-জাৰি চোৱাৰ পিচত মানৱাধিকাৰ আয়োগ নিশ্চিত হয় যে এই ঘটনা দেখদেখকৈ আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ অন্যতম উদাহৰণ।
ইয়াৰ ভিত্তিতে অভিযুক্ত দুয়োজন আৰক্ষী বিষয়াক কঠোৰ শাস্তি দিবলৈ আয়োগৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে নিহতৰ পৰিয়ালক দুই আৰক্ষী বিষয়াৰ পৰা ক্ষতিপূৰণ হিচাপে সাত লাখ টকা অহা দুমাহৰ ভিতৰত আদায় দিব লাগিব।