• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধ হোৱা নাই প্ৰতিদিন গোষ্ঠীৰ সাপ্তাহিক কাকত ‘সাদিন’; সামাজিক মাধ্যমত ভূৱা প্ৰচাৰ

Kalpa Saikia কল্পজ্য়োতি শইকীয়া
গুৱাহাটী , May 5, 2020 3:15 pm

2 min read

বন্ধ হোৱা নাই প্ৰতিদিন গোষ্ঠীৰ সাপ্তাহিক কাকত ‘সাদিন’; সামাজিক মাধ্যমত ভূৱা প্ৰচাৰ

সাদিন বাতৰি কাকতখন, উৎস-ফেইচবুক

1.2k
VIEWS
Share on FacebookShare on Twitter

বন্ধ হোৱা নাই প্ৰতিদিন সংবাদ গোষ্ঠীৰ অন্যতম সাপ্তাহিক কাকত ‘সাদিন’, এই কথা স্পষ্ট কৰিলে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কাৰ্য্যধ্যক্ষগৰাকীয়ে।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কাৰ্য্যধক্ষ্য গৰাকীয়ে কয়, ‘সোমবাৰে নিশাৰ পৰা হঠাৎ বিভিন্ন সামাজিক মাধ্যমত সাদিন বন্ধ হোৱা বুলি ব্যাপকভাৱে প্ৰচাৰ হোৱা এটা খবৰে ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ শুভাকাংক্ষীমহলক উৎকন্ঠিত আৰু বেদনাহত কৰিছে।’

উল্লেখযোগ্য যে, ক’ৰ’নাৰ আৱিৰ্ভাৱ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াই বিশ্বজুৰি ছপামাধ্যমৰ লগতে অন্যান্য ক্ষেত্ৰলৈ সংকট নমাই অনাৰ সময়তে কালি চ’ছিয়েল মিডিয়াত সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পুজাৰীকে ধৰি কাকতখনত কৰ্মৰত ১৫ গৰাকী কৰ্মচাৰীক তিনিমাহৰ দৰমহা দি সোমবাৰে অৱ্যাহতি দিয়া হৈছে বুলি এটা পোষ্ট ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পাছতে এক গোহাৰিৰ জৰিয়তে সংবাদ গোষ্ঠীটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

‘‘এনে এক অজ্ঞাত উদ্দেশ্যত প্ৰচাৰ কৰা খবৰত আমি স্তম্ভিত আৰু মৰ্মাহত হৈছো। সাদিন-প্ৰতিদিন গোষ্ঠী অসমৰ সংবাদ জগতৰ এক সম্ভ্ৰান্ত পৰিচয় আৰু সু-সংহত গোষ্ঠী। সেয়েহে প্ৰতিদিনৰ পৰা সাদিনকক বিচ্ছিন্ন কৰি এইখন বন্ধ কৰি দিয়াৰ খবৰ মুখৰোচকভাৱে প্ৰকাশ কৰি গোষ্ঠীটোক অৱমূল্যায়ণ কৰাৰ লগতে শুভাকাংক্ষী মহলক হতাশ কৰাৰ অপচেষ্টা কোনোবাই চলালেও সেয়া সত্য নহয়,’’ সংবাদগোষ্ঠীটোৰ তৰফৰ পৰা এনেদৰে স্পষ্টীকৰণ দিয়া হয়।

ইপিনে, প্ৰতিদিন গোষ্ঠীৰ এক সুত্ৰই আমাক জনোৱা অনুসৰি প্ৰতি দেওবাৰে প্ৰতিদিন কাকতৰ সৈতে উপলব্ধ হ’ব সাদিন কাকতখন।

উল্লেখযোগ্য যে, সাদিন কাকতখন বন্ধ হ’ব বুলি চ’ছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে কাকতখনৰ পাঠক আৰু নিয়মীয়া লেখক-লেখিকা সকলে দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই তেওঁলোকে নিয়মীয়াকৈ কাকতখনৰ বাবে লেখা-মেলা পঠিয়াই থাকিব পাৰাৰ লগতে পাঠক সকলেও নিজৰ কপিটো লাভ কৰিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd