NORTHEAST NOW (Assamese)

কৃষি আইন : হাৰিয়ানাত বিজেপি-জেজেপিৰ ভাঙিব নেকি জোট; সংকট মোচনত ব্যস্ত গৃহমন্ত্ৰী অমিত শ্বাহ!

January 13, 2021 7:45 pm · এন ই নাও নিউজ
Updated: January 13, 2021 7:46 pm

বিতৰ্কিত তিনি কৃষি আইনে ক্ৰমশঃ চাপত পেলোৱা দেখা গৈছে শাসক তথা এনডিএৰ প্ৰধান দল বিজেপিক।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কৃষি আইনকেইখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰিছে।

ইয়াৰ পিছতে এনডিএৰ মিত্ৰ দল তথা ৰাজস্থানৰ বিজেপি মিত্ৰজোট চৰকাৰৰ মিত্ৰ দল লোকতান্ত্ৰিক জনতা দলে জোট এৰাৰ বাবে মুঠি বান্ধিছে বুলি খবৰ প্ৰকাশ পাইছে।

ইফালে হাৰিয়ানাত বিজেপিৰ মিত্ৰ দল জেজেপি-এ এনডিএৰ সংঘ এৰাৰ বাবে তৎপৰ হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কৃষি আইন বিৰোধ কৰি ইতমিধ্য পঞ্জাৱৰ আকালি দলে এনডিএ ত্যাগ কৰিছিল।

ইয়াৰ পিছত জেজেপিয়ে এনডিএ এৰাৰ খবৰে শংকতি কৰি তুলিছে বিজেপিক।

এই সংকট মোচনৰ বাবে মংগলবাৰে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰৰ লগতে জেজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা উপমুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালাৰ সৈতে আলোচনাত মিলিত হৈছে।

জানিব পৰা মতে এই আলোচনাত হাৰিয়ানা চৰকাৰৰ দুই দলৰে একাধিক মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিছিল।

আনহাতে উক্ত বৈঠকৰ পিছতে বিজেপি-জেজেপিৰ মিত্ৰতা ভংগ নহয় বুলি দাবী কৰিছে যদিও দুই দলৰ নেতৃত্বৰ অভিব্যক্তিয়ে কিছু অন্য ইংগিত দিয়া বুলি ৰাজৈনিতক বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

Related News