• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ আকাশত যান্ত্ৰিক বিসংগতিৰ আতংক: কেন্দ্ৰীয় প্ৰতিবেদনত উদঙাই দিছে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ বিমানৰ শোচনীয় অৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 4:37 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আকাশত উৰি থকা বিমানসমূহৰ যান্ত্ৰিক অৱস্থাক লৈ শেহতীয়াকৈ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। লোকসভাত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দাখিল কৰা এক প্ৰতিবেদন অনুসৰি দেশৰ প্ৰায় ৭৫০খন বিমান পৰীক্ষা কৰাৰ পিছত তাৰে প্ৰায় ৪০০খন বিমানতে কিবা নহয় কিবা যান্ত্ৰিক বিসংগতি ধৰা পৰিছে। এই তালিকাত দেশৰ আগশাৰীৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ নাম সকলোতকৈ ওপৰত থকাৰ কথাই এতিয়া যাত্ৰীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা এই বিশেষ পৰিদৰ্শনত দেশৰ মুঠ ৬খন বিমান সংস্থাৰ ৭৫৪খন বিমান পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৩৭৭খন বিমানত বাৰে বাৰে যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে। আচৰিত কথাটো হ’ল যে এই ত্ৰুটিসমূহ ধৰা পৰাৰ পিছতো বা মেৰামতি কৰাৰ পিছতো পুনৰ একেবোৰ সমস্যাই দেখা দিছে। ইয়াৰ ফলত বিমানসমূহৰ সঠিক চোৱাচিতা বা ৰক্ষণাবেক্ষণক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

Apply Now

প্ৰতিবেদনৰ তথ্য অনুসৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ ৪০৫খন বিমান পৰীক্ষা কৰা হৈছিল আৰু তাৰে ১৪৮খনত বিসংগতি পোৱা গৈছে। অৰ্থাৎ এই সংস্থাটোৰ প্ৰায় ৩৬ শতাংশ বিমানেই ত্ৰুটিপূৰ্ণ। আনহাতে সংখ্যাৰ হিচাপত ইণ্ডিগ’ আগত থাকিলেও শতাংশৰ হিচাপত এয়াৰ ইণ্ডিয়াৰ অৱস্থা অধিক শোচনীয়। এয়াৰ ইণ্ডিয়াৰ ২৬৭খন বিমানৰ ভিতৰত ১৯১খনতে দোষ পোৱা গৈছে যিটো মুঠ বিমানৰ প্ৰায় ৭২ শতাংশ। এই তালিকাত স্পাইচজেট আৰু আকাছা এয়াৰৰ দৰে কোম্পানীৰ বিমানো অন্তৰ্ভুক্ত হৈ আছে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰ আৰু বিমান কৰ্তৃপক্ষই জনোৱা মতে এই সকলোবোৰ বিসংগতিয়েই বিমান দুৰ্ঘটনা মাতি আনিব পৰাকৈ ভয়ংকৰ নহয়। চৰকাৰে এই বিসংগতিসমূহক চাৰিটা ভাগত ভাগ কৰিছে। বিমানৰ ভিতৰৰ আসন ভঙা বা টিভি স্ক্ৰীণ বেয়া হোৱাৰ দৰে সৰু সুৰা সমস্যাবোৰকো এই তালিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এয়াৰ ইণ্ডিয়াই দাবী কৰিছে যে তেওঁলোকৰ বেছিভাগ বিমানতে থকা ত্ৰুটিবোৰ এই সৰু শ্ৰেণীৰ ভিতৰত পৰে আৰু ইয়াৰ দ্বাৰা যাত্ৰীৰ নিৰাপত্তাত কোনো প্ৰভাৱ নপৰে। তথাপিও বাৰে বাৰে বিমানত কিয় এনে বিসংগতি দেখা দিছে আৰু সংস্থাসমূহে কিয় ইয়াক স্থায়ীভাৱে সমাধান কৰিব পৰা নাই তাক লৈ সাধাৰণ ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd